28 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    গৰু চোৰৰ বিলৈ! টকাৰ ভাগ নোপোৱাত গৃহস্থক কৈ দিলে সকলো, স্থানীয় ৰাইজে হাত ভৰি বান্ধি কৰিলে মাৰপিট…

    গৰু চোৰৰ বিলৈ! টকাৰ ভাগ নোপোৱাত গৃহস্থক কৈ দিলে সকলো, স্থানীয় ৰাইজে হাত ভৰি বান্ধি কৰিলে মাৰপিট…

    বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰাত নিশা বৰষুনৰ সুযোগ লৈ ৭ জন চোৰে চলাইছিল ছাফাই অভিযান। ৭ জনে চোৰে মিলি দুটা ঘৰৰ পৰা চাৰিটা গৰু চুৰি কৰি পুৱতি নিশা খৰিচালা বজাৰত বিক্ৰী কৰে।

    ইফালে ৰাতিপুৱা গৃহস্থৰ ঘৰত গৰু দেখা নাপায় হুৱাদুৱা লাগি বিভিন্ন ঠাইত বিচাৰ খোচাৰ আৰাম্ভ কৰে। ৭ জন চোৰে চাৰিটা গৰু ৫০ হাজাৰ টকাত বিক্ৰী কৰে যদিওঁ জাহিদুল ইছলাম নামৰ চোৰজনক টকাৰ ভাগ নিদিয়ে।

    ইয়াৰ পিছতে জাহিদুল ইছলামে গৃহস্থক জনাই যে তেওঁলোক ৭ জনে মিলি গৰু চুৰ কৰিছে আৰু লগে লগে স্থানীয় ৰাইজে জাহিদুলক হাত ভৰি বান্ধি উত্তম মাধ্যম সোধাই।

    জাহিদুলৰ ৰাশিদুল ইছলাম, সোমেজ উদ্দিন আৰু চাৰিজনে মিলি চাৰিটা গৰু চুৰি কৰা বুলি স্বীকাৰোক্তি দিয়ে। ঘটনাস্থলীত কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ আৰক্ষী উপস্থিত হৈ চোৰ জাহিদুলক উদ্ধাৰ কৰি লৈ যায়। দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰিকাণ্ড সংঘটিত হৈ আহিছিল যদিও কোনো চোৰ ধৰা পৰা নাছিল।

    photo and input: Rofique Alom

    আৰু পঢ়ক : নিউজিলেণ্ডত ভাৰতীয় লোকৰ প্ৰৱেশ নিষিদ্ধ, কোনো কাৰণতে নহব প্ৰৱেশ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং