বিশ্বৰ আটাইতকৈ ডাঙৰ মেকুৰি ! ওজন জানিলে আচৰিত হ’ব সকলো

0
2874

বিশ্বৰ আটাইতকৈ ডাঙৰ মেকুৰি ! ওজন জানিলে আচৰিত হ’ব সকলো

মেকুৰীবোৰ সাধাৰণতে সৰু আৰু সিহঁতৰ গড় দৈৰ্ঘ্য ২৩ ৰ পৰা ২৫ চেণ্টিমিটাৰ হয়, কিন্তু এনে এটা মেকুৰী আছে যাৰ দৈৰ্ঘ্য দুবছৰীয়া শিশুৰ সমান।

দৰাচলতে ৰাছিয়াস্থিত য়ুলিয়া মিনিনাই সামাজিক মাধ্যমত তেওঁৰ মৰমৰ মেকুৰিটোৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছিল।

সামাজিক মাধ্যমত এই মেকুৰীটো দেখি সকলোৱে আচৰিত হয়। প্ৰায় মানুহে ইয়াক কুকুৰ বুলি ভাবিছিল।মানুহে ইয়াৰ দৈৰ্ঘ্যৰ বিষয়েও আলোচনা কৰিছিল।

যুৱতী গৰাকীৰ প্ৰিয় পোহনীয়া মেকুৰীটোৰ নাম কেফিৰ ।সামাজিক মাধ্যমত দিয়া ফটোখন কেইদিনমানৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল।

সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকল মেকুৰীৰ দৈৰ্ঘ্যৰ দ্বাৰা আচৰিত হৈছিল। এই মেকুৰিটোৱে হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ মেকুৰি ।

যাৰ বয়স মাত্ৰ দুবছৰ। ইয়াৰ প্ৰকৃত দৈৰ্ঘ্য যদিও জানিব পৰা নাযায় কিন্তু ফটোবোৰৰ পৰা সচৰাছৰ ঘৰত থকা মেকুৰিত কৈ দীঘল আৰু ডাঙৰ বুলি জানিব পৰা গৈছে।

যুৱতী গৰাকীয়ে কয় যে মেকুৰিটো অতি স্মাৰ্ট আৰু শান্ত। মিনিনাই কয় যে তাইৰ মেকুৰীৰ ওজন ১২.৫ কেজি ।