
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৰিমাত কালিমা ! ৰেগিঙৰ নিৰ্যাতনৰ বলি হৈ জীৱন-মৃত্যুৰে যুঁজিছে ছাত্ৰই
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ এক ভয়ানক ঘটনা সংঘটিত হৈছে |
এজন ছাত্ৰক ওৰে নিশা জ্যেষ্ঠ ছাত্ৰই প্ৰহাৰ কৰিছে | জানিব পৰা মতে পি এন জি বি ছাত্ৰাবাসত এই ঘটনাটো সংঘটিত হৈছে |
জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত গুৰুত্বৰ ভাৱে আহত হৈছে আনন্দ শৰ্মা নামৰ ছাত্ৰজন |
আনন্দ শৰ্মা বাণিজ্য শাখাত অধ্যয়নৰত আছিল | ৰেগিঙৰ নামত বিগত প্ৰায় তিনি মাহ ধৰি শাৰিৰীক নিৰ্যাতনৰ অভিযোগ কৰিছে ছাত্ৰজনৰ পৰিয়ালৰ লোকে |
আনহাতে যে শনিবাৰে নিশা ছাত্ৰজন ২ য় মহলাৰ পৰা পৰি গুৰুত্বৰ ভৱে আঘাতপ্ৰাপ্ত হৈছে ছাত্ৰজন |
ছাত্ৰজন বৰ্তমান এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে |
ঘটনাক গাপ দিবলৈ জ্যেষ্ঠ ছাত্ৰই মানসিক নিৰ্যাতন চলোৱাৰো অভিযোগ কৰিছে পৰিয়ালৰ লোকে |
ছাত্ৰ জনৰ মাতৃয়ে জানিবলৈ দিয়া মতে আনন্দ শৰ্মাক ৰাতি শুৱলৈ নিদিয়াৰ লগতে এটা ৰাতিত ৮০ টাকৈ চৰ মাৰিছিল | যাৰ ফলত ছাত্ৰজনৰ এডাল হাড় ভাঙি গৈছিল |