24.3 C
Guwahati
Friday, September 17, 2021
More

    ছলমান খান,অক্ষয় কুমাৰ,অজয় দেৱগনকে ধৰি ৩৮ গৰাকী অভিনেতা-অভিনেত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

     বিপদত পৰিছে বলিউডৰ বহু অভিনেতা অভিনেত্ৰী। ছলমান খান, অক্ষয় কুমাৰ, অজয় দেৱগনকে ধৰি প্ৰায় ৩৮ গৰাকী অভিনেতা অভিনেত্ৰীৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ।

    ২০১৯ চনত হাইদৰাবাদৰ পৰা এক আচৰিত ঘটনা পোহৰলৈ আহিছিল য’ত ৪ গৰাকী লোকে এগৰাকী চিকিতসক যুৱতীক ধৰ্ষণ কৰি জীৱন্তে জ্বলাই দিছিল। ইয়াৰ পিছতে ছ’চিয়েল মিডিয়াত বহু চৰ্চা লাভ কৰিছিল এই খবৰে।

    বহুলোকে এই ঘটনাৰ বিষয়ে ছ’চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰিছিল। বহু অভিনেত অভিনেত্ৰীয়ে ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰোতেই যুৱতী গৰাকীৰ পৰিচয় প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন হৈছে। তাৰপিছতেই সেই সকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়।

    জানিব পৰা মতে অজয় দেবগন, অক্ষয় কুমাৰ, ছলমান খান, ৰকুলপ্ৰীতকে ধৰি প্ৰায় ৩৮ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।  আইন অনুসৰি ধৰ্ষণ পিড়ীতাৰ নাম অথবা পৰিচয় প্ৰকাশ কৰাটো অপৰাধ।

    এই সকল অভিনেতা অভিনেত্ৰীৰ বিৰুদ্ধে দিল্লীৰ এগৰাকী অধিবক্তা গৌৰৱ গুলাটীয়ে এজাহাৰ দাখিল কৰিছে।

    আৰু পঢ়ক : কন্যাৰ বিয়াৰ বাবে সাচি ৰখা গহণা বিক্ৰী কৰি নিৰ্মাণ কৰা হ’ল অনাথ আশ্ৰম

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং