
এখন কুকুৰৰ পাৰ্কত বহু সংখ্যক কুকুৰৰ অবাঞ্চিতভাৱে মৃত্যু হোৱাৰ পাছত আই আই টি মাদ্ৰাজৰ পঞ্জীয়কৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।
কুকুৰৰ পাৰ্কখনৰ ভিতৰত ৪৫ টাকৈ কুকুৰৰ মৃত্যু হোৱাৰ পাছতে পঞ্জীয়ক জানে প্ৰসাদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
অভিযোগ অনুসৰি, আই আই টি মাদ্ৰাজৰ পঞ্জীয়ক জানে প্ৰসাদ আৰু কৰ্তৃপক্ষই অবৈধভাৱে প্ৰায় ১৮৬ টা পদপথৰ কুকুৰক আটক কৰি ২০২০ চনৰ অক্টোবৰ মাহৰ পৰা বন্দী কৰি ৰাখিছিল।
অৱশ্যে আই আই টি মাদ্ৰাজৰ পঞ্জীয়ক গৰাকীয়ে এনেধৰণৰ অভিযোগক খণ্ডন কৰিছে।
তেওঁ মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ইতিমধ্যে এই সম্পৰ্কীয় এটা গোচৰৰ শুনানি প্ৰদান কৰিছে বুলি সদৰী কৰে।
অৱশ্যে এইবাৰ নতুনকৈ দাখিল কৰা অভিযোগৰ ভিত্তিত আই আই টি মাদ্ৰাজৰ পঞ্জীয়ক গৰাকীৰ বিৰুদ্ধে কি ধৰণৰ ব্যাৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।
আৰু পঢ়ক : মুখ্যমন্ত্ৰীৰ ঘোষণা- নৱেম্বৰ মাহৰ পৰাই মাইক্ৰফাইনেন্সৰ ঋণ উভতাই দিয়াৰ কাম আৰম্ভ কৰিব