কেৰালা বিমান দুৰ্ঘটনাঃ দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা Air India বিমানৰ কেপ্টেইন দীপক ছাথেৰ বিষয়ে আহক জানো

0
20018

কেৰালাৰ কোঝিকোড বিমানবন্দৰত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়া বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা ১৯লৈ বৃদ্ধি।

এই দুৰ্ঘটনাটোত বিমানখনৰ পাইলট আৰু সহ-পাইলটে প্ৰাণ হেৰুৱাই।

দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা বিমানখনৰ কেপ্টেইন দীপক ছাথে এয়াৰ ফৰ্চৰ টেষ্ট পাইলটো আছিল।

এয়াৰ ফৰ্চৰ টেষ্ট পাইলট বহু কেইখন এয়াৰক্ৰাফ্টত টেষ্ট কৰিছে।

পাইলটে নিজৰ প্ৰাণ হেৰুওৱাই ১৭০ গৰাকী যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিছে।

দুৰ্ঘটনাগ্ৰস্ত এই বিমানখন বন্দে ভাৰত মিছনৰ আছিল।

চেণ্টাৰ ফৰ এয়াৰ পাৱাৰ ষ্টেডীজৰ ডায়েৰেক্টৰ এয়াৰ বায়ছ মাৰ্ছল মনমোহন বহাদুৰে টুইট কৰি কয় যে

দীপক ছাথে তেওঁৰ সৈতে টেষ্ট পাইলটৰূপে আছিল।

তেওঁ অভিজ্ঞ পাইলট আছিল। তেওঁ ক’লে, “RIP Tester”।

মনমোহন বহাদুৰে ক’লে যে টেষ্ট পাইলটৰ কল চিহ্নৰ আধাৰত নামৰ আগত ‘টেষ্টাৰ’ লগোৱা হয়।

তথ্য অনুসৰি, বিমানখন দ্বিতীয়বাৰৰ বাবে লেণ্ডিং কৰা হৈছিল।

কাৰণ প্ৰথমবাৰ চেষ্টা কৰোতে বিমানখন লেণ্ডিং কৰিব পৰা নাছিলো।

ইয়াৰ পিছত পাইলটে দ্বিতীয়বাৰ লেণ্ডিং কৰিছিল।

কিন্তু দ্বিতীয়বাৰৰ লেণ্ডিঙত এয়াৰ ইণ্ডিয়াৰ বিমান IX-1344 এয়াৰ পোৰ্টৰ ৰানৱে’ত পিছলি গৈছিল।

নাগৰিক বিমান মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ক’লে যে সেই সময়ত ৰানৱে’ অস্পষ্ট আছিল।

ৰানৱে’ পানীৰে ভৰি আছিল।

পিছলি যোৱাৰ পিছত বিমানখন ৩৫ ফুট তলত বাগৰি পৰে।

দুৰ্ঘটনাটোত বিমানখন দুটুকুৰা হৈ যায়।

এই দুৰ্ঘটনাটোৰ পিছত নাগৰিক বিমান মন্ত্ৰালয়ে জৰুৰীকালীন বৈঠক অনুষ্ঠিত কৰে।

Photo Credit: ABP News