29 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ঘৰৰ ভাড়া দিওতে সাৱধান! মালিক নথকাৰ সুযোগত ভাড়াতীয়াই কৰিলে গাঞ্জাৰ খেতি

    ঘৰৰ ভাড়া দিওতে সাৱধান!, সকলো ভাড়াতীয়াই বিচাৰে যাতে তেওঁলোকে লোৱা ভাড়া দিয়া ঘৰটোৰ মালিক ভাল হয় নাইবা সকলো ভাড়াঘৰৰ মালিকেই বিচাৰে যে, তেওঁলোকৰ ভাৰাতীয়াও যাতে ভাল হয়। কিন্তু ভাড়া দিওঁতেও অলপ সাৱধান হওঁক, কাৰণ ভাড়াঘৰৰ মালিক নথকাৰ সুযোগ লৈ ভাড়াতীয়াই কৰিব পাৰে অনৈতিক কাৰ্য।

    তেনে এক অনৈতিক কাৰ্যৰ কথাই পোহৰলৈ আহিছে ভাড়াতীয়াৰ। মালিক নথকাৰ সুযোগতে ভাড়াতীয়াই কৰি পেলালে গাঞ্জাৰ খেতি। ব্ৰিটেইনৰ এগৰাকী মহিলাৰ লগত হ’ল এই কাণ্ড। ঘৰৰ মালিক টানিয়া লিবাৰ্টীয়ে ঘৰৰ ভাড়া দি গৈছিল বিশ্ব ভ্ৰমণত। তেতিয়াই ভাড়াতীয়াই সলনি কৰি পেলালে ঘৰৰ নক্সা।

    কোৰিয়ান পৰিয়ালক তেওঁ ঘৰটো ভাড়ালৈ দিছিল। তাৰ পাছত ঘূৰি আহি আচৰিত হৈ পৰে মালিক।কাৰণ ঘৰটোত প্ৰতিটো কোঠাতে কৰা হৈছিল গাঞ্জাৰ খেতি। আৰক্ষীক খবৰ দিয়াৰ পাছত তেওঁলোকে কয় যে, তাত ইমানেই গাঞ্জা খেতি কৰা হৈছিল যে সেইসমূহ বিক্ৰী কৰি প্ৰায় ৮ কোটি টকা লাভ কৰিব পৰা গ’লহেতেন।

    তাৰ পাছতেই পলায়ন কৰে ভাড়াতীয়াসকল।আনকি ভাড়াও নিদিয়াকৈ গুছি যায়। ঘৰটোৰ অৱস্থাও এনে কৰি যায় যে, আন কোনো লোককো ভাড়া দিব নোৱাৰে লিবাৰ্টীয়ে।তাৰ বাবে বিপদত পৰিছে মালিক লিবাৰ্টী।

    আৰু পঢ়ক : নিচাৰ জালত মাতৃয়ে ১৯ মহীয়া সন্তানক গৰম পানীত ডুবাই কৰিলে হত্যা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং