ধৰিব পাৰিছেনে কোন এই শিশু, যিয়ে হিন্দী চিনেমা জগতৰ পৰিচালনাৰ ক্ষেত্ৰত প্ৰৱেশ কৰি দি গৈছে বহু কেইখন চিৰ সেউজ চিনেমা

0
3917

ধৰিব পাৰিছেনে কোন এই শিশু, যিয়ে হিন্দী চিনেমা জগতৰ পৰিচালনাৰ ক্ষেত্ৰত প্ৰৱেশ কৰি দি গৈছে বহু কেইখন চিৰ সেউজ চিনেমা

জীৱনৰ প্ৰথমখন চিনেমা পৰিচালনা কৰিয়ে ইৰ্ষণীয় সফলতা। ছুপাৰ ডুপাৰ হিট। তাৰ পাছতো কোনোদিনে চাব লগা হোৱা নাই পিছ ঘুৰি। ইখনৰ পাছত সিখনকৈ দি গৈছে ব্লক-ব্লাষ্টাৰ চিনেমা।

কেৱল ব্লক ব্লাষ্টাৰেই নহয়, চিৰ সেউজ চিনেমা আখ্যা পাইছে বহু কেইখন চবিয়েই। সেই লোক গৰাকীৰেই এইখন সৰু কালৰ ছবি। যি হয়তো এবাৰতে দেখি সহজে চিনি উলিওয়াটো টান।

মাত্ৰ ২৬ বছৰ বয়সতে ১৯৯৮ চনত জীৱনৰ প্ৰথমখন ছবি হিচাপে হিন্দী ছবি জগতক দিছে চিৰ সেউজ ব্লক ব্লাষ্টাৰ- ‘কুচ কুচ হোতা হেই’। তাৰ পাছত আহে ‘কভি খুশী কভি গম’, ‘মাই নেম ইজ খান’, ‘ষ্টুডেণ্ট অফ দা ইয়েৰ’, ‘এ দিল হে মুস্কিল’, ‘ কভি অলবিদা না কেহনা’ আদি কেইবাখনো।

পৰিচালক হিচাপে কাম কৰাৰ লগতে কেইবাখনো চবিত অভিনেতা হিচাপেও ভুমুকি মাৰিছে এই ফটোখনত দেখা শিশুটিয়ে। যি বৰ্তমানে নিজেই দুটি শিশুৰ পিতৃ। পুত্ৰৰ নাম থৈছে নিজৰেই পিতৃৰ নামেৰে আৰু কন্যাৰ নাম ৰাখিছে মাতৃৰ নামৰ ওলোটা নাম।

হয় ঠিকেই ধৰিছে এই ফটোত দেখা শিশুটি হৈছে কৰন জোহৰ। ভাৰতীয় ছবিজগতৰ এটি উজ্জল তাৰকা। যাৰ নামেই পৰিচয় বৰ্তমান সময়ত। য়শ জোহৰ আৰু হিৰু জোহৰৰ পুত্ৰ কৰনে নিজৰ দুই যমজ সন্তানৰ নাম ৰাখিছে য়শ আৰু ৰুহি।