কেজৰিৱালক হিমন্তৰ প্ৰশ্ন- আমি ভাৰতৰ ৫ খন ৰাজধানী পাব নোৱাৰো নে, প্ৰতিতো ক্ষেত্ৰতো এখন?

0
51

কেজৰিৱালক হিমন্তৰ প্ৰশ্ন- আমি ভাৰতৰ ৫ খন ৰাজধানী পাব নোৱাৰো নে, প্ৰতিতো ক্ষেত্ৰতো এখন? দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আজি সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোধে যে ভাৰতৰ পাঁচখন ৰাজধানী থাকিব পাৰে নেকি, “প্ৰতিটো অঞ্চলত এটা”।

উল্লেখ্য যে, বিগত কেইবাদিনো ধৰি দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ নিজ নিজ ৰাজ্যৰ শিক্ষাৰ মানদণ্ডৰ ওপৰত কিছু কথা বতৰা চলি আছে। তাৰেই পৰিপ্ৰেক্ষিতত আজিয়ো হিমন্ত বিশ্ব শৰ্মাই নিজৰ কিছু যুক্তি দাঙি ধৰা দেখা যায়।

সেই যুক্তিতেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক উদ্দেশ্য কৰি হিমন্ত বিশ্ব শৰ্মাই কয়, আমি অন্য দুখিয়া ৰাজ্য সমুহক উপহাস কৰাৰ সলনি সেই সমস্যা আঁতৰ কৰিবৰ বাবে চিন্তা চৰ্চা কৰা উচিত। আমাৰ ভাৰতৰ ৫ খন ৰাজধানী থাকিব পাৰে নেকি, প্ৰতিটো ক্ষেত্ৰতে এখন?

লগতে ইয়াকো কয় যে, দিল্লীৰ চৰকাৰৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চল আৰু পূবৰ ৰাজ্যসমূহৰ বৃহৎ সম্পদ নাই। অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদত স্বাস্থ্য, শিক্ষা, যোগাযোগৰ ক্ষেত্ৰত যি বিগত ৭৫ বছৰে শুনা হোৱা নাছিল সেয়া উত্তৰ পূৱৰ বাবে সম্ভৱ হৈ উঠিছে।

সাত দশকৰ অৱহেলাৰ পিছত, ২০১৪ চনৰ পাছৰ পৰাহে উত্তৰ-পূৰ্বাঞ্চলত প্ৰগতিৰ গতি নিৰন্তৰ হৈছিল প্ৰধানমন্ত্ৰী মোদীৰ আগমণত। উত্তৰ-পূৰ্বাঞ্চলক সহানুভূতি আৰু উপহাসৰ প্ৰয়োজন নাই, আমাৰ বাবে যি আছে সেয়াই আমাক প্ৰয়োজন – সন্মান, সম্পদ আৰু পুনৰুত্থান।”