23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    নন্দীগ্ৰামত পৰাজিত হোৱাৰ পিছটো মুখ্যমন্ত্ৰী হ’ব পাৰিব মমতা বেনাৰ্জী! হাতত আছে ৬ মাহ সময়…

    নন্দীগ্ৰামত পৰাজিত হোৱাৰ পিছটো মুখ্যমন্ত্ৰী হ’ব পাৰিব মমতা বেনাৰ্জী! হাতত আছে ৬ মাহ সময়…

    বিজেপিৰ তীব্ৰতৰ নিৰ্বাচনী প্ৰচাৰৰ পিছটো পশ্চিম বংগত পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় তৃণমূল কংগ্ৰেছে। মমতা বেনাৰ্জীৰ নেতৃত্বত তৃতীয় বাৰৰ বাবে পশ্চিম বংগৰ বাঘজৰী তৃণমূল কংগ্ৰেছৰ হাতলৈ আহিলেও নন্দীগ্ৰামত পৰাজয় বৰণ কৰে মমতাই।

    মমতাৰ একসময়ৰ বিশ্বাসযোগ্য সহযোগী তথা বিজেপিৰ প্ৰাৰ্থী সুভেন্দু অধিকাৰীয়ে মমতাক হৰুৱাই জয়লাভ কৰে। অৱশ্যে এই ভোটগোণনাত বিসংগতি হোৱা বুলি মমতাই অভিযোগ উত্থাপন কৰে।

    মমতা বেনাৰ্জীৰ পৰাজয়ক লৈ সুখী নহয় দলটো। কিন্তু পৰাজয়ৰ পিছটো মমতা পুনৰবাৰ মুখ্যমন্ত্ৰী হোৱাত কোনো বাধা নাই।  সাংবিধানিক ব্যৱস্থা অনুসৰি বিধানসভাৰ সদস্য নহ’লেও মুখ্যমন্ত্ৰী হ’ব পাৰে।

    দেশত এনে কিছুমান নেতাই মুখ্যমন্ত্ৰী পদত অধিষ্ঠ হৈ আছে যি বিধানসভাৰ সদস্য নহয়। বিহাৰৰ নীতিশ কুমাৰে তিনি দশক ধৰি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্বিতা আগবঢ়োৱা নাই। ঠিক তেনেদৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেও নিৰ্বাচনত প্ৰতিদ্বন্বিতা কৰা নাছিল। কিন্তু এই দুয়োগৰাকী বিধানপৰিষদৰ সদস্য।  মহাৰাষ্ট্ৰ আৰু বিহাৰত বিধানসভা আৰু বিধান পৰিষদ আছে। কিন্তু পশ্চিম বংগত বিধান পৰিষদ নাই।

    গতিকে মমতা বেনাৰ্জীয়ে মুখ্যমন্ত্ৰী পদত অধিষ্ঠ হ’বলৈ আগন্তুক ৬ মাহৰ ভিতৰত বিধানসভাৰ সদস্য হ’ব লাগিব। তেনেক্ষেত্ৰত তেওঁ খালী হোৱা যি কোনো আসনৰ বাবে উপ-নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে অথবা যি আসনত কোনো কাৰণত নিৰ্বাচন হোৱা নাই তাত প্ৰতিদ্বনদ্বিতা কৰিব পাৰে।

    সংবিধানৰ ১৬৪ নং অনুচ্ছেদত কোৱা হৈছে যে যি মন্ত্ৰীয়ে বিধায়ক নহয় তেওঁ ছয়মাহৰ ভিতৰত পদত্যাগ কৰিব লাগিব। গতিকে  মমতাৰ হাতত মাত্ৰ ৬ মাহ আছে, এই সময়চোৱাত তেওঁ কোনো আসনত প্ৰতিদ্বন্বিতা কৰি জয়লাভ কৰিব পাৰে আৰু পুনৰ মুখ্যমন্ত্ৰী হিচাপে পশ্চিমবংগত শাসন আৰম্ভ কৰিব পাৰে।

    আৰু পঢ়ক : হৃদয় বিদাৰক, অক্সিজেনৰ অভাৱত জিলা হাস্পতালত ২৪ গৰাকী ৰোগীয়ে হেৰুৱালে প্ৰাণ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং