চৰাই ভক্ষণ কৰা কাঁছৰ সন্ধান লাভ কেম্ব্ৰিজৰ গৱেষকৰ দলৰ

0
282
তৃণভোজী কাঁছই চকুৰ সন্মুখতে ভক্ষণ কৰিলে কি? সকলো আচৰিত চৰাই ভক্ষণ
ফটো সৌজন্য-ইণ্টাৰনেট

চৰাই ভক্ষণ কৰা কাঁছৰ সন্ধান লাভ কেম্ব্ৰিজৰ গৱেষকৰ দলৰ

ব্ৰিটেইনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষৰ দল এটাই বৃহৎ আকাৰৰ কাঁছ এটাই খাদ্যৰ সন্ধানত এটা চৰাই ভক্ষণ কৰা পৰ্যবেক্ষণ কৰে।

বনৰীয়া কাঁছই খাদ্যৰ বাবে অন্য জীৱ চিকাৰ কৰাৰ এয়া প্ৰথম ঘটনা বুলি পৰৱৰ্তী সময়ত গৱেষকৰ দলটোৱে উল্লেখ কৰে।

ইয়াৰ পূৰ্বে সকলো কাঁছকে নিৰামিষ ভোজী বুলি ভবা হৈছিল।

নিৰামিষ যদিও কাঁছই সুযোগ পালেই কেলছিয়ামৰ বাবে হাড় আৰু শামুকৰ খোলা আদি ভক্ষণ কৰিছিল।

ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বহু প্ৰজাতিৰ কাঁছ পোৱা যায় আৰু সেই কাঁছ সমূহে সাধাৰণতে ঘাঁহ-বন খায়ে জীয়াই থকা দেখা গৈছে।

কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটোৱে শেহতীয়াভাৱে আবিস্কাৰ কৰা কাঁছ সম্পৰ্কীয় নতুন তথ্যই সকলোকে কাঁছ মাংসভক্ষী হ’বনে তৃণভোজী হ’ব নে সৰ্বভোক্ষী হ’ব সেই কথা পুনৰ ভাবিবলৈ বাধ্য কৰিব।

আৰু পঢ়ক : মৰ্মান্তিক! চাইকেলেৰে গৈ থাকোঁতেই তীব্ৰবেগী বাহনে মহতিয়াই নিলে অষ্টম শ্ৰেণীৰ ছাত্ৰক, মৃত্যু