বন্ধ হৈ থকা নগাঁও, কাছাৰ কাগজ কল শীঘ্ৰে কাৰ্যক্ষম হ’বঃ ৰামেশ্বৰ তেলী

কাগজ কল দুটা কাৰ্যক্ষমৰ বাবে আগবাঢ়ি আহিছে আবু ধাবিৰ ব্যৱসায়ী

0
246
কেন্দ্ৰীয় আঁচনি ৰূপায়ণত ৬৫ টা মন্ত্ৰ্যালয়ৰ ভিতৰত শীৰ্ষত ৰামেশ্বৰ তেলীৰ মন্ত্ৰ্যালয়
ফাইল ফটো

শীঘ্ৰে কাৰ্যক্ষম হ’ব বন্ধ হৈ পৰা নগাঁও আৰু কাছাৰ কাগজ কল। কাগজ কল দুটা কাৰ্যক্ষমৰ বাবে আগবাঢ়ি আহিছে আবু ধাবিৰ ব্যৱসায়ী। এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ। আবু ধাবি ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অসমত বিনিয়োগৰ বাবে আহ্বান জনাইছিল আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী বি আৰ ছেট্টীক।

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ প্ৰস্তাৱত সন্মতি প্ৰদান কৰিছে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ীজনে। অসমৰ ১৬খন চাহ বাগিচা ক্ৰয় কৰিছে বি আৰ ছেট্টীয়ে। অসমত এখন A Class অত্যাধুনিক চিকিৎসালয় আৰু এখন বিলাসী ৰিজৰ্ট স্থাপন কৰিব বি আৰ ছেট্টীয়ে। Time8ত এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ।