30 C
Guwahati
Monday, September 20, 2021
More

    সীমা কেন্দ্ৰিক বিবাদত উত্তপ্ত কাছাৰ আৰু হাইলাকান্দিত নতুন আৰক্ষী অধীক্ষক

    সীমা কেন্দ্ৰিক বিবাদত উত্তপ্ত হৈ পৰা অসম-মিজোৰাম সীমান্তৰ কাছাৰ জিলা আৰু হাইলাকান্দিত নিয়োগ কৰা হ’ল নতুন আৰক্ষী অধীক্ষক।

    হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা আই পি এছ ৰমনদীপ কৌৰক কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।

    আনহাতে চিৰাং জিলাৰ আৰক্ষী অধীক্ষক আই পি এছ গৌৰৱ উপাধ্যায়ক হাইলাকান্দিৰ আৰক্ষী অধীক হিচাপে বদলি কৰিছে।

    ইফালে চিৰাং জিলাত আৰক্ষী অধীক্ষকৰ দায়িত্ব প্ৰদান কৰিছে এ পি এছ প্ৰাণজিৎ বৰাক। তেওঁ ইয়াৰ পূৰ্বে যান-বাহন আৰক্ষীৰ ডিচিপি হিচাপে নিয়োজিত হৈ আছিল।

    উল্লেখ্য যে সোমবাৰে অসমৰ বেদখল ভূমি উচ্ছেদ কৰিব যাওতে মিজোৰাম আৰক্ষী আৰু স্থানীয় দুৰ্বৃত্তৰ দলে অসম আৰক্ষীৰ ওপৰত চলোৱা নিৰ্বিচাৰ গুলীত ৬ গৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰ সহ ৬০ ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছিল।

    ইতিমধ্যে তেওঁক উন্নত চিকিৎসাৰ বাবে গৃহ ৰাজ্য মুম্বাইলৈ লৈ যোৱা হৈছে। তেওঁক মঙলবাৰে এয়াৰ লিফ্ট কৰা হয়।   

    আৰু পঢ়ক : অসম-মিজোৰাম সংঘাত; আজি দুয়োখন ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানেৰে কেন্দ্ৰীয় গৃহ সচিবৰ বৈঠক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং