28 C
Guwahati
Saturday, September 18, 2021
More

    কাছাৰত পুনৰ দুৰ্বৃত্তৰ গুলীচালন, অঞ্চলজুৰি সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ

    কাছাৰত পুনৰ দুৰ্বৃত্তৰ গুলীচালন, অঞ্চলজুৰি সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ

    কাছাৰত পুনৰ গুলীয়াগুলীৰ ঘটনা। কাছাৰৰ শিল কোৱাৰিত এইবাৰ গুলীয়াগুলী ৷ কালাইন ৰেঞ্জৰ হাৰাং কোৱাৰিত শিল কাঢ়াই অনা ড্ৰাম্পাৰক উদ্দেশ্য কৰিয়েই দুৰ্বৃত্তই গুলিচালনা কৰে ৷

    গুলিচালনাত তিনিখনকৈ ড্ৰাম্পাৰৰ চকা ফুটিছে ৷ কোনো মতে প্ৰাণ ৰক্ষা পৰে চালক সকলৰ। ঘটনাত কোনও আহত, নিহত হোৱা নাই যদিও অঞ্চলজুৰি আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ৷

    ভয়ত পলায়ন কৰিছে কোৱাৰিৰ শ্ৰমিক, চালক সকলে ৷ উল্লেখ্যে যে, পাহাৰৰ ওপৰৰ পৰা দুৰ্বৃত্তই গুলি চালনা কৰিছে ৷ এই ঘটনাৰ পিছতেই অঞ্চোলটোতে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে ৷ ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু কালাইন ফৰেষ্ট ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ পিংকু সিন্হা ৷

    ইনপুট: yasin mazumder

    আৰু পঢ়ক : মিজো সাংসদ ভানলালভেনাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰাৰ দাবী দেবব্ৰত শইকীয়াৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং