APSC ক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত ! এতিয়াৰে পৰা APSC ত নাথাকিব Optional প্ৰশ্নকাকত

0
6845

APSC ক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত ! এতিয়াৰে পৰা APSC ত নাথাকিব Optional প্ৰশ্নকাকত

আজি গান্ধী মণ্ডপত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। কেবিনেটত ৰাজ্যবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। কেবিনেটৰ পিছত এখন সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেল খনত মুখ্যমন্ত্ৰী গৰাকীয়ে APSC লৈ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।

তেওঁ কয় যে ‘এতিয়াৰে পৰা APSC ৰ বাধ্যতামূলক বিকল্প প্ৰশ্নকাকত বিলুপ্তি হ’ব। এতিয়াৰে পৰা APSCত অপচনেল পেপাৰ কেইখন নোহোৱা হ’ব। কাৰণ সকলোয়ে জানে যে অংক আৰু বিজ্ঞানৰ প্ৰশ্নকাকত খনত বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে ১০০ ৰ ভিতৰত ১০০ পাব পাৰে।

কিন্তু অসমীয়া বা ইংৰাজীৰ ছাত্ৰ-ছাত্ৰীয়ে নোৱাৰিবও পাৰে। সেয়েহে আমি অপচনেলটো আমি নোহোৱা কৰিছো। আৰু যি যি জেনেৰেল পেপাৰ থাকিব লাগে সেয়াহে থাকিব। এই জেনেৰেল প্ৰশ্নকাকততে বিষয় বিলাকৰ ওপৰত প্ৰশ্ন থাকিব।

ভাৰতবৰ্ষৰ বহু ঠাইত এই অপচনেল পেপাৰ নোহোৱাকে এই পৰীক্ষা সমূহ কৰিছে। এটিয়াৰে পৰা অসম লোক সেৱা আয়োগৰ যি দুখন অপচনেল পেপাৰ আছিলে সেই দুখন আজিৰে পৰা বিলুপ্তি হ’ল।”

তেওঁ লগতে কয় যে এই দুই এদিনতে লোকসেৱা আয়োগৰ বিজ্ঞাপন দিয়া হ’ব আৰু ৭০০ পদৰ চাকৰি ওলাব APSC ত। আনহাতে শিক্ষা বিভাগৰো বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে এই কেবিনেটত।

শিক্ষা বিভাগৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে’ শিক্ষা বিভাগত স্থায়ী আৰু ঠিকাভিত্তিক বহুখিনি চাকৰিৰ অনুমোদন এই কেবিনেটত দিয়া হৈছে। প্ৰায় ৬-৭ হাজাৰ পোষ্টৰ বাবে অনুমোদন দিয়া হৈছে “।