31 C
Guwahati
Sunday, September 19, 2021
More

    কেবিনেটৰ বৃহৎ সিদ্ধান্ত, বেংক ডুবিলেও ৯০ দিনৰ ভিতৰতে গ্ৰাহকে উভতাই পাব ধন, কিন্তু কেনেকৈ…

    কেবিনেটৰ বৃহৎ সিদ্ধান্ত, বেংক ডুবিলেও ৯০ দিনৰ ভিতৰতে গ্ৰাহকে উভতাই পাব ধন, কিন্তু কেনেকৈ…

    নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত। এতিয়াৰে পৰা বেংক ডুবিলেও ধন জমা ৰখা গ্ৰাহকে ৯০ দিনৰ ভিতৰতে লাখ টকা পৰ্যন্ত জমা ধন উভতাই পাব। ইয়াৰ বাবে কেবিনেটে বুধবাৰ ২৮ জুলাই তাৰিখে DICGC Actৰ সংশোধনত মঞ্জুৰী প্ৰদান কৰে।

    কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত ডিপোজিট ইঞ্চিওৰেঞ্চ এণ্ড ক্ৰেডিট গ্যাৰান্টি কৰ্পোৰেশ্যন এক্ট ১৯৬১ত সংশোধনৰ বাবে ঘোষণা কৰে।

    এই বিধেয়কখন আইন হৈ পৰিলে দেশৰ বিভিন্ন বেংকত ধন জমা কৰা গ্ৰাহক সকল নিশ্চিত হৈ পৰিব। এই বিধেয়কখন গ্ৰীষ্ম সংসদত উত্থাপিত কৰাৰ সম্ভাৱনা।

    কেবিনেটৰ এই সিদ্ধান্তৰ বিষয়ে জনাবৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে এক সংবাদমেলৰ আয়োজন কৰে। সেই সংবাদমেলতেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, আৰ বি আই এ যদি কোনো বেংকৰ ওপৰত মোৰেটোৰিয়াম লগাই তেন্তে গ্ৰাহক সকলে নিজৰ জমাধন উভতাই পোৱাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন নহব।

    আৰু পঢ়ক : অলিম্পিকৰ এটা ভিডিঅ’ই খলকনি লগাইছে সকলোতে, খেলত নমাৰ পূৰ্বে খেলুৱৈক দুই গালে দুটা চৰ বহুৱালে প্ৰশিক্ষকে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং