
CABৰ বিৰূদ্ধে জ্বলি আছে সমগ্ৰ অসম। ৰাজ্যৰ ভিন্ন স্থানত অব্যাহত আছে প্ৰতিবাদ,ধৰ্ণা, আন্দোলন।

আজি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ আহ্বানত আয়োজিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ‘ৰণহুংকাৰ’ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত হয় জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গ। প্ৰতিবাদস্থলীত জুবিন গাৰ্গে অংশ লৈ কয়- চৰকাৰখনে অসমক চিনিয়েই নাপায়। কোনো কাৰণতে আমি এই বিধেয়ক মানি নলও।