শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

বহু কেইখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী জাকে জাকে কেব বিৰোধী প্ৰতিবাদ কৰিবলৈ ওলাই অহাত এঘন্টা ধৰি জিলা সদৰ গড়মূৰত স্তব্ধ হৈ পৰে জনজীৱন

0
1403
Photo : Time8
Photo : Time8

অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ‍্যৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ ছাত্র ছাত্ৰীয়ে কেব বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি জাননী জাৰি কৰাৰ পিছতেই শিক্ষা বিভাগক বুঢ়া আঙুলি দেখুৱাই মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে ছাত্ৰ-ছাত্ৰীয়ে সাবস্ত্য কৰে উত্তাল প্ৰতিবাদ। বহু কেইখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী জাকে জাকে কেব বিৰোধী প্ৰতিবাদ কৰিবলৈ ওলাই অহাত এঘন্টা ধৰি জিলা সদৰ গড়মূৰত স্তব্ধ হৈ পৰে জনজীৱন।

Photo : Time8

গড়মূৰ মিনি ষ্টেডিয়ামৰ পৰা উপায়ুক্ত কাৰ্য্যলয়লৈ প্ৰতিবাদত ভাগ ল’বলৈ ওলাই আহে শতাধিক ছাত্ৰ ছাত্ৰী। উল্লেখ্য যে কেবৰ বিৰুদ্ধে প্ৰতিবাদত ভাগ ল’ব নোৱাৰিব বুলি প্ৰতিখন শিক্ষানুষ্ঠানলৈ কঠোৰ নিৰ্দেশনা শিক্ষা বিভাগৰ। প্ৰতিবাদত ভাগ লোৱা শিক্ষানুষ্ঠানৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি কেব বিৰোধী প্ৰতিবাদ দমনৰ বাবে তৎপৰ হৈ উঠিছে শাসক যন্ত্ৰ।