
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল টীয়কৰ কাকজান। ছাত্ৰ-ছাত্ৰীৰ হাতত নাই কিতাপ বহী। কিতাপ-বহী এৰি হাতত খোল-তাল লৈ ৰাজপথলৈ ওলাই আহিল কাকজান মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী৷

চৰকাৰক সুমতি দিয়াবলৈ খোল-তাল বজাই প্ৰাৰ্থনা তথা প্ৰতিবাদ কাকজান মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ। পাঁচ শতাধিক ছাত্ৰ ছাত্ৰীৰ বিশাল সমদল বাহিৰ কাকজানৰ পৰা ঢেকীয়াখোৱা পৰ্যন্ত ৷ কাকজান মহাবিদ্যালয়ত নিষিদ্ধ ঘোষণা চৰকাৰৰ মন্ত্ৰী বিধায়কক ৷