
অৱশেষত লোকসভাত উত্থাপন হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক। অমিত শ্বাহে লোকসভাত উত্থাপন কৰে এই বিল। বৰ্তমানে ইয়াকে লৈ লোকসভাত চলি আছে মতানৈক্য। অসমৰ জনসাধাৰণৰ লগতে ছাত্ৰ সমাজ তথা বিভিন্ন দল–সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি কৰা আন্দোলনক আওকাণ কৰাৰ লগতে অসমবাসীৰ আবেগ–অনুভূতিক ধুলিস্যাৎ কৰি বিজেপি চৰকাৰে আজি লোকসভাত উত্থাপন কৰলে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৯।
কেন্দ্ৰই প্ৰাকে-প্ৰকাৰন্তে কেব অনাৰ বাবে চেষ্টা কৰি কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে বুধবাৰেই CABক অনুমোদন জনাইছিল যদিও কেইবাটাও বিৰোধী পক্ষই ইয়াৰ বিৰোধিতা কৰিছে। ইয়াৰ ভিতৰত সমাজবাদী পাৰ্টী, ভাৰতীয় মুছলীম লীগ সন্থা আদি উল্লেখযোগ্য।