31 C
Guwahati
Thursday, August 4, 2022
More

    অসমত CAA কেতিয়াও প্ৰযোজ্য হ’ব নিদিওঁ : ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ হুংকাৰ

    অসমত কা কেতিয়াও প্ৰযোজ্য হ’ব নিদিওঁ। কা’ৰ বিৰুদ্ধে উত্তৰ-পূবৰ ৰাইজে ঐক্যভাৱে যুজঁ কৰিব। কা কাৰ্যকৰীকৰণ সন্দৰ্ভত দিয়া মন্তব্যৰ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

    ছাত্ৰ নেতাগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে কা আইনৰ বিৰুদ্ধে একেলগে দুটা পৰ্যায়ত আন্দোলন চলি আছে। এটা হৈছে আইনী যুজঁ আৰু আনটো গণতান্ত্ৰিক আন্দোলন।

    আজি কলাইগাঁও আঞ্চলিক ছাত্র সন্থাৰ অভিনন্দন অনুস্থানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ছাত্ৰ নেতা বৰুৱাই।

    তেওঁ কয়, ‘অসমত কা কেতিয়াও প্ৰযোজ্য হ’ব নিদিওঁ। পশ্চিম বংগৰ ৰাজনীতিক উদ্দেশ্য কৰি সমগ্ৰ ভাৰততে বিজেপিয়ে কা জাপি দিব বিচাৰিছে। এয়া কেতিয়াও সফল হ’ব নিদিও’।

    কা আইনে অসমৰ খিলঞ্জীয়া লোকৰ সকলো অধিকাৰ খৰ্ব কৰাৰ লগতে অসম চুক্তি উলংঘা আৰু সাৰ্বভৌমত্ত্ব বিপন্ন কৰিব বুলিও মন্তব্য কৰে ছাত্ৰ নেতাজনে।

    ইনপুট : দীপক ডেকা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং