ক’ভিড-১৯ৰ সমাপ্তিৰ পাছতে ‘কা’ কাৰ্য্যকৰি কৰা হ’ব : অমিত শ্বাহ

0
2430
অমিত শ্বাহৰ প্ৰস্তাৱিত ভ্ৰমণৰ পূৰ্বেই বিজেপি কৰ্মীৰ ওলোমাই থোৱা মৃতদেহ উদ্ধাৰ, তীব্ৰ চাঞ্চল্য

ক’ভিড-১৯ৰ সমাপ্তিৰ পাছতে ‘কা’ কাৰ্য্যকৰি কৰা হ’ব : অমিত শ্বাহ

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি পশ্চিমবংগৰ শিলিগুৰিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি পুনৰ নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ সম্পৰ্কত মন্তব্য প্ৰকাশ কৰে। শ্বাহ

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি যেতিয়াই ক’ভিড মহামাৰী সমাপ্ত হ’ব তেতিয়াই নাগৰিকত্ব সংশোধনী আইন কাৰ্য্যকৰী কৰা হ’ব বুলি কয়।

অমিত শ্বাহে তৃণমূল কংগ্ৰেছে কাৰ্য্যক্ষেত্ৰত নাগৰিকত্ব সংশোধনী আইন কাৰ্য্যকৰীকৰণ কৰা নহ’ব বুলি ভূৱা প্ৰচাৰ চলাই আছে বুলিও লগতে কয়।

গৃহ মন্ত্ৰী শ্বাহে মমতা বেনাৰ্জীয়ে অনুপ্ৰেৱশ হৈ থকাটো বিচাৰে আৰু সেইবাবে ‘কা’ৰ বিৰোধিতা কৰি আহিছে বুলি সমালোচনা কৰে।

“কা’ আছিল, আছে আৰু ভবিষ্যতে বাস্তৱত পৰিণত হ’ব,” অমিত শ্বাহে ভাষণত এইদৰে স্পষ্ট কৰি দিয়ে।

আনহাতে, পশ্চিমবংগৰ জনসাধাৰণে তৃতীয় বাৰৰ বাবে মমতা বেনাৰ্জীক ক্ষমতালৈ আনিছে যদিও মমতা বেনাৰ্জী ভাল নহ’ল কাৰণ ৰাজ্যত হৈ থকা দুৰ্নীতি, ছিণ্ডিকেট আৰু বিজেপি কৰ্মীক হত্যা ৰোধ কৰা অত্যন্ত প্ৰয়োজনীয়।

আৰু পঢ়ক : ঈদ খাবলৈ বুলি যোৱা কনমানিকো নেৰিলে পাষণ্ডই, শেষত আৰক্ষীৰ সমুখত নিজ মুখেই স্বীকাৰ কৰে সকলো