28 C
Guwahati
Thursday, September 29, 2022
More

    ক’ভিডৰ সতৰ্কতামূলক ড’জৰ অভিযান অন্ত পৰাৰ লগে লগেই বলবৎ হ’ব ‘কা’ : অমিত শ্বাহ

    ক’ভিড ভেকচিনৰ বুষ্টাৰ ড’জ বা সতৰ্কতামূলক পালি দিয়াৰ অভিযানৰ অন্ত পৰিলেই দেশত বলবৎ হ’ব নাগৰিকত্ব সংশোধনী আইন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে কা সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

    মঙলবাৰে পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলপতি তথা বিজেপি নেতা সুভেন্দু অধিকাৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী আইনখন তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছিল।

    কা কাৰ্যকৰীকৰণ পশ্চিম বংগৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি অধিকাৰীয়ে কয় যে ৰাজ্যখনত এনে বহু লোক আছে যিয়ে এই আইনখনৰ দ্বাৰা লাভান্বিত হ’ব।

    তেওঁৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই গৃহমন্ত্ৰী শ্বাহে কয়, ‘ক’ভিডৰ সতৰ্কতামূলক পালি অন্ত পৰাৰ পিছত ‘কা’ৰ নিয়মবোৰ প্ৰস্তুত কৰা হ’ব আৰু তাৰ পিছত আইনখন কাৰ্যকৰী কৰা হ’ব’।

    উল্লেখ্য যে আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা অবৈধ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্টি আৰু খ্ৰীষ্টান প্ৰব্ৰজনকাৰীয়ে এই আইনৰ ফলত ভাৰতৰ নাগৰিকত্ব লাভ কৰিব।  

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং