CAA বিৰোধী প্ৰতিবাদঃ দিল্লীৰ ভজনপুৰাত সংঘাত, দিল্লী আৰক্ষীৰ হেড কনিষ্টবল নিহত

ৰতনলাল গোকুলপুৰী থানাত নিয়োজিত হৈ আছিল। পৰিস্থিতি অতি বিষম হৈ পৰাত ঘটনাস্থলীত অৰ্ধসামৰিক বাহিনীক নিয়োগ কৰা হয়

0
52

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লীৰ মোজপুৰৰ পিছত ভজনপুৰাটো সংঘাত। প্ৰতিবাদকাৰীয়ে ৰৈ থকা বাহনত অগ্নিসংযোগ কৰে। দিল্লী আৰক্ষীৰ হেড কনিষ্টবল ৰতনলালৰ মৃত্যু হয় প্ৰতিবাদকালত। ইফালে শ্বাহদৰাৰ DCP অমিত শৰ্মা আহত হয়। ৰতনলাল গোকুলপুৰী থানাত নিয়োজিত হৈ আছিল। পৰিস্থিতি অতি বিষম হৈ পৰাত ঘটনাস্থলীত অৰ্ধসামৰিক বাহিনীক মোতায়ন কৰা হয়।

CAA বিৰুদ্ধে দিল্লীত অব্যাহত থকা প্ৰতিবাদৰ মাজত মোজপুৰ মেট্ৰ ষ্টেচনৰ সমীপতে শিলবৰ্ষণ হয়। তথ্য অনুসৰি, দেওবাৰৰ দৰে সোমবাৰেও শিলবৰ্ষণ কৰে। CAAৰ সমৰ্থক আৰু বিৰোধীৰ মাজত হয় শিলাবৰ্ষণ। এই ঘটনাটো সংঘটিত হয় মোজপুৰ মেট্ৰ ষ্টেচনৰ সমীপৰ মেট্ৰ ষ্টেচনৰ সমীপৰ কবীৰ নগৰ এলেকাত।

ঘটনা সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দুখঃপ্ৰকাশ।

উত্তৰ-পূব দিল্লীৰ জাফৰাবাদ আৰু মোজপুৰ এলেকাত প্ৰদৰ্শনকাৰীয়ে প্ৰায় ২টা ঘৰ জ্বলাই দিয়ে।

Photo credit: khabar.ndtv.com