অসমৰ মানচিত্ৰৰ ৰূপত এটা ভেলাঘৰ; এফালে ‘জয় আই অসম’ আনফালে ‘কা’ আমি নামানো

হেঁপাহৰ উৎসৱ মাঘ বিহুটো প্ৰভাৱ পৰিল নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী ৰূপ

0
235

অসমৰ ৰাইজে মুঠৰ ওপৰত কোনোপধ্যেই মানি নলয় জাতি ধ্বংসী আইন। সকলো প্ৰকাৰে সকলো সময়তে কৰি গৈছে এই আইনৰ বিৰোধিতা। হেঁপাহৰ উৎসৱ মাঘ বিহুটো প্ৰভাৱ পৰিল নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী ৰূপ। এইবাৰ ভেলাঘৰতো দেখা গৈছে ‘কা’ বিৰোধী প্ৰতিচ্ছবি।

চামগুৰিৰ চাপানালাৰ জামুকতলত যুবকসকলে নিৰ্মাণ কৰিছে অসমৰ মানচিত্ৰ। নিজৰ জাতি মাটিক ভালপোৱা অসমীয়াই এইবাৰ বেছিভাগ ভেলাঘৰেই সাজি উলিয়ায়ছে CAA বিৰোধী প্ৰতিবাদৰ প্ৰতিচ্ছবি।

স্থানীয় যুৱকসকলো সজা এই ভেলাঘৰটোত এফালে লিখা আছে ‘জয় আই অসম’ আৰু আনফালে লিখিছে ‘কা’ আমি নামানো

Inputs and Photo: @ Biju Gohain and @batssamhaque