বছৰৰ প্ৰথমটো দিনতেই ‘কা’ৰ বিৰুদ্ধে মাৰ বান্ধি ওলাইছে অসমীয়া

'কা'ৰ প্ৰতিবাদেৰে চুতীয়া ছাত্ৰ সন্থাৰ ১২ ঘন্টীয়া অনশন

0
47

ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতেই অসমীয়া ওলাইছে ‘কা’ৰ বিৰুদ্ধে। কোনোৱে কৰিছে ১২ ঘন্টীয়া অনশন আৰু অইন কোনোৱে হাতত-গাত গামোচা বান্ধি চাইকেল চলাই পথে পথে দি গৈছে জয় আই অসম ধ্বনি। মুঠৰ ওপৰত পুৱাতে ৰাইজ ওলাই আহিছে জাতিধ্বংসী আইনখনৰ বিৰুদ্ধে।

নাগৰিকত্ব সংশোধনী এই কলা আইনখনৰ বিৰুদ্ধে তীব্ৰ আন্দোলন আৰু প্ৰতিবাদ ধনশিৰি মহকুমাৰ চুতীয়া ছাত্ৰ সন্থাৰ। পুৱা ৫ বজাৰ পৰা সন্ধিয়াৰ ৫ বজালৈ ১২ ঘন্টীয়া অনশন কাৰ্যসূচী সৰুপথাৰ মহকুমাৰধিপতি কাৰ্যালয়ৰ সন্মুখত।

আনহাতে অভিনৱ পন্থাৰে প্ৰতিবাদ কৰে চাবুৱাত মটক যুৱ ছাত্ৰ পৰিষদ আৰু বীৰ লাচিত সেনাই। চাইকেল ৰেলীৰে চাবুৱাৰ পৰা শিৱসাগৰ জিলালৈ এক ব্যতিক্ৰমী কাৰ্যসূচী। অসমীয়াৰ স্বাভিমানস্বৰূপ গামোচা হাতত আৰু মূৰত বান্ধি চাইকেল চলাই পথে পথে ‘কা’ বিৰোধী ধ্বনি যুৱকসকলৰ। ‘কা’ৰ বিৰুদ্ধে আন্দোলন কৰা শ্বহীদসকলৰ পৰিয়ালবৰ্গলৈ চৰকাৰ তৰফৰ পৰা আৰ্থিক অনুদান প্ৰদান কৰা তথা প্ৰতিটো পৰিয়ালৰ একোজনকৈ সদস্যক চৰকাৰী চাকৰিৰ নিযুক্তিৰ দাবীত সংগঠন দুটাৰ সদস্যসকলে এইদৰে বাহিৰ কৰে এই চাইকেল ৰেলী।

Inputs and photo: @abdulrajjak @nabinbora