চাবুৱাত ‘কা’ বিৰোধী আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা ইজনৰ পিছত সিজন যুৱক সন্ধানহীন

যদি কেনেবাকৈ ল'ৰাটো আলফালৈ গৈছে তেন্তে জনাই দিবলৈ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কাতৰ আহ্বান মাতৃৰ

0
76

জাতিধ্বংসী আইনখনৰ বিৰুদ্ধে ৰাইজৰ ধাৰাবাহিক আন্দোলন চলি থকাৰ সময়তে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ জন্ম স্থান চাবুৱাৰ পৰা ইজনৰ পিছত সিজন যুৱক সন্ধানহীন হোৱা ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে। কেইদিনমানৰ আগতে চাবুৱাৰ ভৰলুৱা নিৱাসী জ্ঞানদীপ বৰপাত্ৰ গোঁহাই নিৰুদ্দেশ হোৱাৰ পিছতেই পুনৰ জেৰাই মাজগাঁৱৰ পৰা এজন যুৱক যোৱা ৫ দিনৰ পৰা সন্ধানহীন হোৱাত ঘৰখনত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালটো।

ঘৰখনত তিনিটা লৰাৰ ভিতৰত দুজন কৰ্ম সংস্থাপনৰ বাবে কেৰেলাত আৰু বাংগালুৰুত কাম কৰি আছে যদিও মাক দেউতাকক একমাত্ৰ মাজু লৰাটোৱে দিন হাজিৰা কৰি খুৱাই আছিল।

কিন্তু ১৭ তাৰিখে পুৱা ৯ বজাতেই তপোবন গোহাঁই (শালি) ঘৰৰ পৰা উলাই যায় যদিও আজিলৈকে ঘূৰি নহাত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালটো। দিন হাজিৰা কৰা তপোবনে নিজৰ ব্যস্ততাৰ মাজতো ‘কা’ বিৰোধী আন্দোলনত সক্ৰিয় অংশগ্রহণ কৰিছিল।

আনহাতে যুৱকজন যোৱা ৫ টা দিনে ঘৰলৈ ঘূৰি নহাত আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীয়ে একো খবৰ উলিয়াব নোৱাৰাত এতিয়া কান্দি কান্দি মাতৃ আৰু পিতৃৰ পুত্ৰলৈ আহ্বান ‘তই যতে থাকিলেও ঘৰলৈ ঘূৰি আহ অ বোপাই’। আনহাতেদি মাতৃয়ে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কান্দি কান্দি আহ্বান জনাই ক’লে যদি কেনেবাকৈ লৰাটো আলফালৈ গৈছে তেন্তে জনাই দিয়ক।