‘কা’ থাকিব নে! অহা ৬ ডিচেম্বৰত হ’ব নাগৰিকত্ব সংশোধনী আইনৰ পৰৱৰ্তী শুনানী

0
183

‘কা’ থাকিব নে! অহা ৬ ডিচেম্বৰত হ’ব নাগৰিকত্ব সংশোধনী আইনৰ পৰৱৰ্তী শুনানী

কি হ’ব ‘কা’ৰ। থাকিব নে ইয়াৰ অন্ত পেলোৱা হব। অথলে যাব নেকি লাখ লাখ মানুহৰ আন্দোলন। অকালতে প্ৰাণ হেৰুৱাও কেইগৰাকীৰো দেশৰ বাবে উচ্চৰ্গা কৰা বিফল হ’ব নেকি। সেই অসমৰ লগতে সমগ্ৰ দেশ কঁপাই যোৱা ‘CAA’ আইনৰ ওপৰত আজি শুনানি আছিল উচ্চতম ন্যায়ালয়ত।

এতিয়া উচ্চতম ন্যায়ালয়ে ৬ ডিচেম্বৰত এই নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনোৱা আৱেদনসমূহৰ শুনানি গ্ৰহণ কৰিব।

আদালতে আজি সোমবাৰে দুজন অধিবক্তাক সকলো আৱেদনত উত্থাপিত মুখ্য বিষয়সমূহৰ সংগ্ৰহ প্ৰস্তুত কৰিবলৈ দায়িত্ব দিছিল।

গোচৰটোত ২৩২ খন আৱেদন আছে। ইয়াৰ ভিতৰত, ৫৩ খন অসম আৰু ত্ৰিপুৰাৰ সৈতে সম্পৰ্কিত। আদালতে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ শুনানি বাকী গোচৰবোৰৰ পৰা পৃথকে কৰা হ’ব।

মুখ্য ন্যায়াধীশ ইউ ইউ ললিত, ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট আৰু ন্যায়াধীশ বেলা এম ত্ৰিবেদীৰ এটা খণ্ড বিচাৰপীঠে অহা ৬ ডিচেম্বৰত উপযুক্ত বিচাৰপীঠৰ সন্মুখত বিষয়টো পৰৱৰ্তী শুনানিৰ বাবে ৰাখে।

২০১৯ চনত সংশোধন কৰা চি.এ.এ.-য়ে ২০১৪ চনলৈকে দেশলৈ অহা পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ হিন্দু, শিখ, বৌদ্ধ, খ্ৰীষ্টান, জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ অ-মুছলমান প্ৰব্ৰজনকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচাৰে।