দুদিন ধৰি সন্ধানহীন হৈ থকা এগৰাকী ব্যৱসায়ী অৰ্ধউলংগ তথা অচেতন অৱস্থাত উদ্ধাৰ

0
66
দুদিন ধৰি সন্ধানহীন হৈ থকা এগৰাকী ব্যৱসায়ী অৰ্ধউলংগ তথা অচেতন অৱস্থাত

দুদিন ধৰি সন্ধানহীন হৈ থকা এগৰাকী ব্যৱসায়ী অৰ্ধউলংগ তথা অচেতন অৱস্থাত উদ্ধাৰ

দুদিন ধৰি সন্ধানহীন হৈ থকা এগৰাকী ব্যৱসায়ী অৰ্ধউলংগ তথা অচেতন অৱস্থাত উদ্ধাৰ। হোজাইৰ চাউতাল বস্তিত নিশা অৰ্ধউলংগ অৱস্থাত এজন অচেতন ব্যক্তি উদ্ধাৰ।।

ব্যক্তিজন মঙলবাৰৰে পৰা নিৰুদ্দেশ হৈ আছিল। লোকগৰাকী যোগীজানৰ ব্যৱসায়ী প্ৰণৱ বিশ্বাস বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

নিৰুদেশৰ পিছতে লোকজনে ফোন কৰি জনাইছিল তেওঁক অজ্ঞাত স্থানত আবদ্ধ কৰি ৰখাৰ কথা। সন্দেহ কৰা হৈছিল ব্যৱসায়ী জনক কোনো দুৰ্বৃত্তই অপহৰণ কৰা বুলি।

অতিৰিক্ত আৰক্ষী অধীক্ষক পঞ্জীত দুৱৰাৰ নেতৃত্বত হোজাইৰ বিভিন্ন স্থানতো লোক জনক বিচাৰি অভিযান চলিছিল। অৱশেষত কালি নিশা অচেতন অৱস্থাত উদ্ধাৰ হয়।

লগে লগতে নিশাই আৰক্ষীয়ে ভৰ্তি কৰাই চিকিৎসালয়ত। এতিয়া তদন্তৰ পিছত হে জানিব পৰা যাব লোকজনৰ লগত প্ৰকৃতাৰ্থত হৈছিল কি।

আৰু পঢ়ক : খকুৱা ঠিকাদাৰ! বানত ককবকাই আছে বানাক্ৰান্ত, কিন্তু আনফালে লাখ লাখ টকা খোৱাত ব্যস্ত ঠিকাদাৰ