33 C
Guwahati
Monday, September 26, 2022
More

    মাজ বাটতে দুৰ্বৃত্তই গুলিয়াই হত্যা কৰিলে ব্যৱসায়ীক ! ধৰিব পৰা নাই হত্যাকাৰীক

    মাজ বাটতে দুৰ্বৃত্তই গুলিয়াই হত্যা কৰিলে ব্যৱসায়ীক ! ধৰিব পৰা নাই হত্যাকাৰীক

    স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজধানী দিল্লীত হাই এলাৰ্ট জাৰি কৰা হৈছিল।

    তাৰ পাছতেই দিল্লীৰ জামিয়া নগৰ অঞ্চলৰ নুৰ নগৰত সোমবাৰে বাইকত অহা দুৰ্বৃত্তই এজন ৪০ বছৰীয়া ব্যক্তিক মাজ বাটতে গুলীয়াই হত্যা কৰে।

    হত্যাকাণ্ডটো চিচিটিভি ফুটেজ পোহৰলৈ আহিছিল। মৃতব্যক্তি জনৰ নাম ৱাচিফ সাত্তাৰ বুলি জানিব পৰা গৈছে।

    চিচিটিভিৰ ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে ৱাচিফ সাত্তাৰে এখন বাইকত গৈ আছিল আৰু তেতিয়াই এখন স্কুটিত অহা দুৰ্বৃত্তই পিছফালৰ পৰা তেওঁক গুলীয়াই দিয়ে।

    দেহত গুলি লগৰ ফলত ৱাচিফ বাইকৰ পৰা মাটিত বাগৰি পৰে।

    কেৱল এয়াই নহয় ৱাচিফ মাটিত গুলীবিদ্ধ হৈ মাজ ৰাস্তাত পৰি যোৱাৰ পিছত দুৰ্বৃত্তই আকৌ কেইবাবাৰো গুলীয়াই ।

    ৱাচিফক গুলিয়াই দুৰ্বৃত্ত কেইটা পলাই যায়।গুলোৱাৰ ফলত যুৱক জনৰ থিতাতে মৃত্যু হয়।

    আৰক্ষীয়ে হত্যাৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে আক্ৰমণকাৰীসকলক এতিয়াও বিচাৰি উলিৱাবলৈ সক্ষম হোৱা নাই।

    দুৰ্বৃত্তই তেওঁক কিয় গুলীয়াই হত্যা কৰে সেয়াও বৰ্তমানলৈকে স্পষ্ট হোৱা নাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং