34 C
Guwahati
Friday, September 30, 2022
More

    হৃদয় বিদাৰক! পথ দুৰ্ঘটনাত অগ্নিদগ্ধ হৈ ২০ গৰাকী লোকে হেৰুৱালে প্ৰাণ

    মঙলবাৰে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত এখন যাত্ৰীবাহী বাছ আৰু এখন তেল টেংকাৰৰ মাজত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাটোত কমেও ২০ জন লোকৰ মৃত্যু হয়।

    স্থানীয় প্ৰশাসনে এই তথ্য প্ৰদান কৰে।

    উল্লেখ্য যে, বিগত তিনিদিনৰ ভিতৰত এয়া আছিল প্ৰদেশখনত সংঘটিত দ্বিতীয়টো ভয়ংকৰ পথ দুৰ্ঘটনা।

    আৰক্ষীয়ে জানিব দিয়া অনুসৰি, লাহোৰৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ নিলগৰ মুলতানৰ এটা ‘মটৰৱে’ত সংঘটিত হৈছে এই ঘটনা।

    প্ৰশাসনৰ তৰফৰ পৰা জনোৱা মতে, ‘লাহোৰৰ পৰা কৰাচীলৈ গৈ থকা এখন বাছ আৰু এখন তেল টেংকাৰৰ মাজত হোৱা সংঘৰ্ষত ২০ জন লোকৰ মৃত্যু হয়। সংঘৰ্ষৰ পিছত হোৱা অগ্নিকাণ্ডৰ বাবেই যাত্ৰীসকল মৃত্যুমুখত পৰে’।

    ইফালে জুইত জ্বলি যোৱা ৬ জন যাত্ৰীক মুলতানৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব দিয়ে হাস্পতাল কৰ্তৃপক্ষই।

    দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে কেইবাগৰাকীও মৃত লোকৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই প্ৰশাসনে। অৱশ্যে ডি এন এ পৰীক্ষাৰ অন্তত মৃতদেহ সমূহ তেওঁলোকৰ পৰিয়ালক চমজাই দিয়া হ’ব।

    উল্লেখ্য যে, বিগত শনিবাৰে পঞ্জাৱ প্ৰদেশতে সংঘটিত হৈছিল আন এক মৰ্মান্তিক দুৰ্ঘটনা। সেই দুৰ্ঘটনাটোত কমেও ১৩ গৰাকী লোকৰ মৃত্যু ঘটিছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং