33 C
Guwahati
Tuesday, September 27, 2022
More

    ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰী ভৰ্তি বাছ পৰিল দ’ খাৱৈত, ২৫ গৰাকীৰ অৱস্থা সংকটজনক

    ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰী ভৰ্তি বাছ পৰিল দ’ খাৱৈত, ২৫ গৰাকীৰ অৱস্থা সংকটজনক। ৭ আগষ্ট দেওবাৰে উত্তৰাখণ্ডৰ ডেৰাডুনত সংঘটিত হৈছে এই ঘটনা।

    ডেৰাডুনক মচুৰীত পৰ্যটক ভৰ্তি উত্তৰাখণ্ড পৰিবহণ নিগমৰ এখন বাছ দ’ খাৱৈত বাগৰি পৰে। যাৰ ফলত ২৫ জন লোক আহত হয়। যাত্ৰাৰ সময়ত বাছ খনত ৩৬ গৰাকী লোক আছিল বুলি জানিব পৰা গৈছে

    ঘটনাৰ বিষয়ে জনাৰ লগে লগে আৰক্ষী, আইটিবিপি আৰু অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মী ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰায়।

    আজি দিনৰ প্ৰায় ২.৩০ মান বজাত এই বাছ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ আৰক্ষীয়ে লাভ কৰিছিল। এছএছপিয়ে সদৰি কৰা অনুসৰি, বাছখনৰ ব্ৰেক বেয়া হৈ নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং