29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৩৫ জন যাত্ৰীসহ পাহাৰীয়া পথত কেইবালুটি খাই বাগৰিল নলবাৰীৰ বনভোজদলৰ বাছ, নিহত এজন, মৃত্যুৰ সংখ্যা বৃদ্ধিৰ আশংকা…

    ৩৫ জন যাত্ৰীসহ পাহাৰীয়া পথত কেইবালুটি খাই বাগৰিল নলবাৰীৰ বনভোজদলৰ বাছ, নিহত এজন, মৃত্যুৰ সংখ্যা বৃদ্ধিৰ আশংকা : নতুন বছৰৰ দ্বিতীয় দিনটোতেই সংঘটিত হৈছে ভয়ংকৰ অঘটন। বকো হাহিমৰ সমীপৰ আৰেডঙাত বনভোজ খাবলৈ যোৱা আল্ট্ৰা বাছ দুৰ্ঘটনাগ্ৰস্ত। নলবাৰীৰ পৰা মেঘালয়ৰ আৰেডঙালৈ বনভোজৰ বাবে যোৱা দলটোত আছিল ৩৫ জন লোক।

    এই ঘটনাত এজন যুৱক নিহত হোৱা বুলি জানিব পৰা গৈছে। নিহত যুৱকজনৰ নাম ছহিদুল ইছলাম (২৮)। বনভোজৰ পৰা উভটাৰ পথতে এই ঘটনা সংঘটিত হৈছে। জানিব পৰা অনুসৰি পাহাৰীয়া পথত কেইবালুটি খাই বাগৰি পৰে বাছখন।

    ঘটনাটোত নিহত হোৱা ছহিদুল ইছলামৰ ঘৰ নলবাৰীৰ ডিপ্তাত। ইফালে এই ঘটনাত কিমানজন লোক আঘাতপ্ৰাপ্ত হৈছে সেই বিষয়ে বৰ্তমানলৈকে জানিব পৰা নাই। দুৰ্ঘটনাত পতিত বাছখনৰ নম্বৰ AS-28-C-3867।

    আৰু পঢ়ক : শীঘ্ৰে কৰক এই কাম, অন্যথা ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ব পাৰে আপোনাৰ নাম

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং