বোকাখাতৰ সাপজুৰিত ৩৭নং ঘাইপথত হঠাৎ দাউদাউকৈ জ্বলি উঠে এখন ট্ৰাক। কাপোৰভৰ্তি ট্ৰাকখন গুৱাহাটীৰ পৰা তিনিচুকীয়া অভিমুখী আছিল।
কথমপি প্ৰাণৰক্ষা ট্ৰাকৰ চালকৰ। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও ট্ৰাকখনৰ বিস্তৰ ক্ষতিসাধন হয়। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও ট্ৰাকখনৰ বেটাৰীৰ শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে আৰক্ষী আৰু স্থানীয় লোকে৷