কলকাতাৰ ৰাজপথত হঠাৎ টকাৰ বৰষুণ, কিন্তু ক’ৰ পৰা আহিল ইমান টকা?

অভিযান চলাব বুলি খবৰ পোৱা মাত্ৰকে কাৰ্যালয়টোত হুলস্থুল পৰিৱেশৰ সৃষ্টি হৈছিল আৰু কাৰ্যালয়টোৰ ভিতৰৰ খিৰীকিৰ পৰা প্ৰায় ৮ৰ পৰা ১০ লাখ টকাৰ ৫০০ আৰু ২০০০ টকীয়া বাণ্ডিল তললৈ পেলাই দিয়া হৈছিল

0
879
Photo credit: hindi.indiatvnews.com

কলকাতাৰ এটা অট্টালিকাৰ পৰা হঠাৎ হ’বলৈ ধৰে টকাৰ বৰষুণ। অট্টালিকাটোৰ পৰা সৰি পৰা টকা দেখি হতচকিত হৈ পৰিল সকলো। তথ্য অনুসৰি যেতিয়া খিৰিকীৰে পেলাই দিয়া হৈছিল নোটসমূহ সেই সময়ত অট্টালিকাটোত উপস্থিত হৈ অভিযান চলাই আছিল আয়কৰ বিভাগৰ লোকে।

আকাশৰ পৰা সৰি পৰা টকাৰ দৃশ্য আপুনি হয়টো কেইবাবাৰো ছবিত প্ৰত্যক্ষ কৰিছে, কিন্তু এই ফটোখন কোনো চলচ্চিত্ৰৰ ফটো নহয় বৰঞ্চ এই ফটোখন ৰিয়েল লাইফৰ। ২০০০, ৫০০ আৰু ১০০ টকীয়া নোট উৰিছে বতাহত। এই দৃশ্য দেখি অবাক হৈ পৰিছিল ওচৰ-চুবুৰীয়াৰ লোকসকল। তেওঁলোকে বুজি পোৱা নাছিল যে হঠাৎ ইমান টকা আকাশত কেনেকৈ উৰিব ধৰিলে। আকাশৰ পৰা নোটৰ বৰষুণ হোৱাৰ পিছত অপেক্ষাৰত আছিল নোটৰ বাণ্ডিল সৰি পৰাৰ।

আকাশৰ পৰা সৰি পৰিছিল ২০০০, ৫০০ আৰু ১০০ টকীয়া নোটৰ বাণ্ডিল। নোটৰ কেইটামান বাণ্ডিল অট্টালিকাটোৰ খিৰিকীত সোমাই পৰিছিল কিন্তু সেইসমূহ বাণ্ডিলো লাঠিৰে সহায়েৰে তললৈ নমাই অনা হৈছিল।

ওপৰৰ পৰা নোটৰ বাণ্ডিলসমূহ তলত সৰি পৰিছিল আৰু তলত থিয় হৈ থকা কৰ্মচাৰীসমূহে বুটলিছিল সৰি পৰা নোটৰ বাণ্ডিলসমূহ। জানিবলৈ দিয়া অনুসৰি DRI–এ এই কোম্পানীটোত অভিযান চলাইছিল। অবৈধভাৱে ধনৰ লেনদেনৰ অভিযোগত কাৰ্যালয়টোত অভিযান চলাবলৈ গৈছিল DRIৰ দল।

অভিযান চলাব বুলি খবৰ পোৱা মাত্ৰকে কাৰ্যালয়টোত হুলস্থুল পৰিৱেশৰ সৃষ্টি হৈছিল আৰু কাৰ্যালয়টোৰ ভিতৰৰ খিৰীকিৰ পৰা প্ৰায় ৮ৰ পৰা ১০ লাখ টকাৰ ৫০০ আৰু ২০০০ টকীয়া বাণ্ডিল তললৈ পেলাই দিয়া হৈছিল।

পথৰ ওপৰত বৰষিছে টকা!

পথৰ ওপৰত বৰষিছে টকা!, হঠাৎ ৫০০-২,০০০ টকীয়া নোটৰ বৰষুণ

Posted by TIME8 on Wednesday, November 20, 2019
চাওক VIDEO