29 C
Guwahati
Thursday, October 21, 2021
More

    বাজেট ২০২১-২২! লেখানুদানৰ গুৰুত্বপূৰ্ণ বিষয় সমূহ …

    শুকুৰবাৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত দাখিল কৰে বাজেট ২০২১-২২। সোণোৱাল চৰকাৰৰ অন্তিমখন বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী গৰাকীয়ে।

    বাজেট উত্থাপন কৰি বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে ৫ বাৰকৈ বাজেট দাখিল কৰাটো মোৰ বাবে সৌভাগ্য। উল্লেখ্য যে, এপ্ৰিলৰ পৰা জুলাইলৈ দাখিল লেখানুদান।

    কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা বিত্তমন্ত্ৰী গৰাকীৰ:

    • ৬ মাহৰ বাবে ৬০,৭৮৪.০৩ কৌটি ব্যয়ৰ লক্ষ্য ধার্য লেখানুদানত ।
    • এপ্ৰিল ২০২১ ৰ পৰা ৩০ ছেপ্টেম্বৰ ২০২১ ৰ বাবে এই পুঁজি ব্যয়ৰ লক্ষ।
    • আজি মাজে নিশাৰ পৰা ৫ টকাকৈ হ্ৰাস পাব পেট্ৰল ডিজেলৰ মূল্য ।
    • ৰাজ্য চৰকাৰৰ কভিড কালত আৰোপ কৰা অতিৰিক্ত উপকৰ উঠাই দিব আজি নিশাৰ পৰা।
    • হ্ৰাস পাব সুৰাৰ দাম। ২৫% অতিৰিক্ত উপকৰ উঠাই লোৱা হ’ব সুৰাৰ পৰা।
    • covid-১৯ কালত লগোৱা হৈছিল এই উপকৰ সমূহ ।
    • অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ ৮৩০ ৰ পৰা ৩০০০ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ।
    • অৰুন্ধতি স্বৰ্ণ আঁচনিৰে ১৮১৫ কন্যা লাভন্বিত।
    • ১৬-১৭ ত অসমে কেন্দ্ৰ পৰা লাভ কৰে ১০,৪৪৪.০৭ কোটি টকা।
    • ২০১৯-২০ ত এয়া বৃদ্ধি হয়গৈ ১৬,১০১.৫৪ কোটি টকালৈ।

    আৰু পঢ়ক : “প্ৰধানমন্ত্ৰী ভয়াতুৰ, ভাৰতবৰ্ষৰ পবিত্ৰ ভূমি প্ৰধানমন্ত্ৰীয়ে চীনক অৰ্পন কৰিলে”- ৰাহুল গান্ধী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং