সাধাৰণ বাজেট : বৃদ্ধি পালে গহনাৰ দাম, হ্ৰাস পালে টিভি, মোবাইল ফোনৰ দাম, চাওক সম্পূৰ্ণ তালিকা

0
252
প্ৰতিনিধিত্বমূলক চিত্ৰ

বিভিন্ন ঘোষণাৰে বুধবাৰে সদনৰ মজিয়াত উত্থাপন হ’ল ২০২৩-২৪ বৰ্ষৰ সাধাৰণ বাজেট। প্ৰত্যাশিতধৰণে প্ৰতিবাৰৰ দৰে এইবাৰো কিছু সামগ্ৰীৰ দাম বাঢ়িব আৰু কিছু সামগ্ৰীৰ মূল্য হ্ৰাস পাব বুলি ঘোষণা কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে।

আগন্তুক বিত্তীয় বৰ্ষৰ পৰা দাম হ্ৰাস পাবলগীয়া সামগ্ৰীৰ সবিশেষ

মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট অনুসৰি, খেলনা সামগ্ৰী, চাইকেল, অটোম’বাইল, মোবাইল ফোন, ইলেকট্ৰিক বাহন, টেলিভিশ্যন, লিথিয়াম আয়ন-চেল বেটাৰী আৰু কেমেৰা লেন্সৰ দাম হ্ৰাস পাব।

আগন্তুক বিত্তীয় বৰ্ষৰ পৰা দাম বৃদ্ধি পাবলগীয়া সামগ্ৰী সমূহৰ সবিশেষ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চিগাৰেটৰ ওপৰত শুল্ক বৃদ্ধিৰ কথা ঘোষণা কৰিছে যাৰ ফলত চিগাৰেট ব্যয়বহুল হৈ পৰিব। চিগাৰেটৰ ওপৰত ১৬ শতাংশ কৰ বৃদ্ধি কৰা হৈছে। ইয়াক শেষবাৰৰ বাবে ৩ বছৰ পূৰ্বে সংশোধন কৰা হৈছিল।

ইয়াৰ উপৰি সোণ, ৰূপ আৰু প্লেটিনাম ব্যয়বহুল হোৱাৰ বাবে এতিয়াৰ পৰা গহনাৰ মূল্যও বৃদ্ধি পাব।

এই সমূহ সামগ্ৰীৰ উপৰি, এতিয়াৰ পৰা জনসাধাৰণে আমদানীকৃত কাঁহ-পিতল আৰু পাকঘৰৰ সামগ্ৰীৰ বাবদো অধিক খৰচ কৰিব লাগিব।