কৃষক প্ৰধান ২০২০ৰ 2.0 বাজেট

কৃষকৰ বাবে ‘কুসুম’ আৰু মৎস্য পালকৰ বাবে 'সাগৰ মিত্ৰ'

0
56

আজি সংসদত দাখিল কৰা বিত্তীয় পূৰ্ণাংগ বাজেটত প্ৰাধান্য পাইছে দেশৰ কৃষকসল। কৃষকৰ উন্নতিৰ বাবে মুকলি কৰা হয় কেইবাটাও আঁচনি। ইয়াৰ ভিতৰত সকলোতকৈ উল্লোখযোগ্য আঁচনি হৈছে ‘কুসুম’। ইয়াৰ লগতে ২০২২ৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্য।

কৃষকৰ সুবিধাৰ বাবে পানীৰ সমস্যাত জৰ্জৰিত ১০০ খন জিলাত পানী যোগানৰ নতুন আঁচনি। ১৫ লাখ কৃষকৰ বাবে সৌৰশক্তি যোগানৰো সিদ্ধান্ত। কৃষি খণ্ডত বৃদ্ধি পাব সৌৰশক্তিৰ ব্যৱস্থা। বিশেষ ৰে’ল সেৱাৰো ব্যৱস্থা কৃষকসকৰ বাবে। লগতে বিশেষ বিমানৰো ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰে এই বাজেটত।

উৎপাদিত সামগ্ৰীৰো থাকিব বিশেষ বিমানৰ সুবিধা। কৃষকৰ বাবে নতুন ক্ৰেডিড কাৰ্ডৰো ব্যৱস্থা। কৃষকসকলৰ বাবে বাজেটত ধাৰণ কৰা হৈছে মুঠ ১৫ কোটি টকাৰ ঋণ। ইয়াৰে গ্ৰমাঞ্চলৰ কৃষিখণ্ডৰ উন্নয়নৰ বাবে ৩ লাখ কোটি টকাৰ আৱন্টন।

আনহাতে মৎস্য উৎপাদনত লোৱা হৈছে ২০০ লাখ টনলৈ বৃদ্ধিৰ লক্ষ্য। ইয়াৰ বাবে মৎস্য পালক সকলৰ বাবে সাগৰ মিত্ৰ যোজনা। দেশৰ ৩লাখ যুৱকক লৈ মৎস্য উৎপাদনৰ বাবে বিশেষ সংস্থা গঠন কৰাৰ কথাও সদৰি কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে।