অৱশেষত ঘোষণা, বিটিচিত ইউপিপিএলৰ পৰাই হ’ব চীফ আৰু ডেপুটি চীফ…

0
1769
ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ৰ ফাইল ফটো

বিটিচিত মঙলবাৰে নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে শপতগ্ৰহণ কৰিব। ইয়াৰ বাবে সকলো প্ৰকাৰেৰে প্ৰস্তুতি আৰম্ভ কৰিছে মিত্ৰতাৰে চৰকাৰ গঠন কৰিবলৈ লোৱা ইউপিপিএল, বিজেপি আৰু গণ সুৰক্ষা পাৰ্টি। ইতিমধ্যে কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত সকলো প্ৰকাৰেৰে নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্ব দিছে প্ৰশাসনে।

মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো হ’ব যদিও উপ মুখ্য কাৰ্যবাহী বিষয়া কোন দলৰ হ’ব তাক লৈ বিভিন্ন মহলত প্ৰশ্ন অব্যাহত থকাৰ সময়তে এই প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই নিৰ্বাচনৰ সৈতে ওচৰৰ পৰা জড়িত থকা অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী শৰ্মাই সদৰি কৰা অনুসৰি মুখ্য কাৰ্যবাহী সদস্য আৰু উপ মুখ্য কাৰ্যবাহী বিষয়াৰ দুয়োটা পদে থাকিব ইউপিপিএলৰ হাতত।

”৫ জন ব্যক্তিয়ে মঙলবাৰে শপত ল’ব। দুজন ইউপিপিএলৰ পৰা আৰু বিটিচিৰ চীফ আৰু ডেপুটি চীফ দুয়োটাই ইউপিপিএলৰ সৈতে থাকিব। ভাৰতীয় জনতা পাৰ্টিৰ পৰা দুজনে শপত ল’ব। এজন জিএছপিৰ পৰা শপত ল’ব। কিন্তু বিজেপিয়ে চীফো লোৱা নাই আৰু ডেপুটি চীফো লোৱা নাই।” মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে।