
ভোট গণনাৰ মাজে উত্তপ্ত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোট গণনা কেন্দ্ৰ। হতাহতিত লিপ্ত হয় লোক। আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ হস্তক্ষেপতহে কিছু শান্ত হয় পৰিস্থিতি।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, প্ৰৱেশৰ বাবে লোৱা অনুমতি প্ৰত্ৰৰ বাবেই এইদৰে উত্তপ্ত হৈ পৰে ভোট কেন্দটো। এখন প্ৰৱেশ কাৰ্ডেৰে প্ৰৱেশ কৰে অন্য কেইবাজনো লোক.
কিন্তু অৱশেষত ধৰা পৰা পিছতে হুলস্থুল লাগি যায় ভোট কেন্দ্ৰটোত। এজন কলিতা উপাধীৰ লোকৰ প্ৰৱেশ প্ৰত্ৰ ব্যৱহাৰ কৰি অন্য এজন কলিতা উপধীৰ লোকে প্ৰৱেশ কৰে ভোট কেন্দ্ৰৰ ভিতৰত।
ইতিমধ্যে আৰক্ষীয়ে মানুহ জনক আটক কৰি তামুলপুৰ আৰক্ষী থানালৈ লৈ গৈছে। তাত উপস্থিত থকা লোকে মানুহ জন বিজেপি দলৰ বুলি সন্দেহ ব্যক্ত কৰিছে।