
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনাৰ পিছতে বিটিচিত চৰকাৰ গঠনৰ আনুষ্ঠানিক ঘোষণা কৰা হব। পৰৱৰ্তী বিটিচি প্ৰধান কোন হব তাকে লৈ বহু জল্পনা কল্পনা হৈ আছিল। যিহেতো বিটিচিত কোনো এটা দলেই লাভ কৰা নাছিল একক সংখ্যাগৰিষ্ঠতা।
সেয়ে মিত্ৰতাৰ মাজেৰে সমাধান। পৰৱৰ্তী বিটিচি প্ৰধান হব সেয়াহে এতিয়া বাকি। ইতিমধ্যেই আলোচনা হৈ গৈছে। কেৱল মুখ্যমন্ত্ৰীৰ সৈতে তেখেতৰ বাসগৃদত কিছু আলোচনা কৰি তেখেতৰ সন্মতি সাপেক্ষে বিটিচি প্ৰধানৰ নাম ঘোষণা কৰা হব।
বিজেপিৰ সৈতে বিপিএফ আৰু ইউ পি পি এলে মিলিত হৈ শাসনৰ আসনত বহাৰ ইংগিত দিছে। গুৱাহাটীৰ ছয়মাইল স্থিত হোটেল লিলিত অনুষ্ঠিত হোৱা বৈঠকৰ পিছতে এই সিদ্ধান্ত ।

বৈঠকত মিলিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। লগতে বৈঠকত মিলিত হৈছে ইউ পি পি এল, বিপিএফ আৰু বিজেপিৰ নৱনিৰ্বাচিত পাৰিষদ।
ইউ পি পি এলৰ সভাপতি প্ৰমোড বড়ো আৰু সাংসদ নৱ শৰণীয়াও উপস্থিত বৈঠকত।