বিটিচিৰ দ্বিতীয় শপত গ্ৰহণ অনুষ্ঠান, কোনে কোনে ল’লে শপত, কোন হ’ল বিটিচিৰ অধ্যক্ষ…

0
230
বিটিচিৰ নৱ নিৰ্বাচিত

১৫ ডিচেম্বৰত বিটিচিৰ নৱ নিৰ্বাচিত পৰিষদে শপত লোৱাৰ পিছত আজি পুনৰ দ্বিতীয় শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিটিচিৰ নৱ নিৰ্বাচিত অধ্যক্ষ আৰু বৰ্ধিত ৪ কাৰ্যবাহী পাৰিষদে ল’লে শপত গ্ৰহণ ।

বিটিচিৰ প্ৰটেমো অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা তথা বাগানপাৰা সমষ্টিৰ পৰা জয়লাভ কৰা কাতিৰাম বড়ো , ৭ নং ফকিৰাগ্ৰাম সমষ্টিৰ পৰা জয়লাভ কৰা বিজেপিৰ অৰূপ কুমাৰ দে , ২৯ নং সুক্লাই চেৰফাং সমষ্টিৰ পৰা জয়লাভ কৰা বিজেপিৰ ৰনেন্দ্ৰ নাৰ্জাৰী , ১৪ নং চিৰাং দূৱাৰ সমষ্টিৰ পৰা জয়লাভ কৰা ইউপিপিএলৰ ৰঞ্জিত কুমাৰ বসুমতাৰী ওৰফে বি আৰ ফেৰেংগা আৰু ৬ নং কচুগাঁও সমষ্টিৰ পৰা জয়লাভ কৰা ইউপিপিএলৰ উকিল মুছাহাৰীয়ে আজি বিটিচিৰ বিধান পৰিষদীয় ভৱনত কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰে ।

বিটিচিৰ নৱ নিৰ্বাচিত

নামনি অসমৰ আয়ুক্ত সচিব ৰাজেশ প্ৰসাদে বিটিচিৰ কাৰ্যবাহী সদস্যকেইগৰাকীক গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় ।

বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো , কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়া , ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম , এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী আদিকে ধৰি আন বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিটিচিৰ বিধান পৰিষদৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত বিজেপি -ইউপিপিএল -জিএচপিৰ কৰ্মী সমৰ্থকসকলো উপস্থিত থাকে ।

উল্লেখ্য যে আজি পুনৰাই চাৰিগৰাকী নিৰ্বাচিত সদস্যই কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰাৰত বিটিচিত কাৰ্যবাহী সদস্যৰ সংখ্যা ৯ গৰাকী হ’লগৈ ।

এই সভাতেই বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই শপত গ্ৰহণ অনুষ্ঠানৰ ভাষণত সন্ত্ৰাসবাদতকৈ দূৰ্নীতি অধিক ভয়ংকৰ বুলি উল্লেখ কৰিছে । বিটিচিত সুশাসনেৰে প্ৰতিটো জাতি-জনগোষ্ঠীৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি মন্তব্যৰে বিটিচিত জনতাৰ দৰবাৰ অনুষ্ঠিত কৰা হব বুলিও মন্তব্য কৰিছে প্ৰমোদ বড়োই ।

আৰু পঢ়ক: অজন্তা, ৰ’জলীনা, ৰাজদ্বীপ, ৰুপজ্যোতি, দুৰ্গা ভূমিজে কেতিয়া যোগ দিব বিজেপিত