বিটিএডি আৰ্মিৰ বিস্ফোৰণ, গণ সুৰক্ষা পাৰ্টীক সমৰ্থন নকৰা ব্যক্তিৰ ঘৰত অস্ত্ৰ ৰাখি জালত পেলায় নৱ কুমাৰ শৰণীয়াই

0
375

বিটিএডি আৰ্মীৰ মহাবিস্ফোৰিত অভিযোগ, গণ সুৰক্ষা পাৰ্টীৰ হাতত বহুতো অবৈধ অস্ত্ৰ-শস্ত্ৰ থকাৰ অভিযোগ। সেয়ে গণ সুৰক্ষা পাৰ্টীক সমৰ্থন নকৰা ব্যক্তিৰ ঘৰত অস্ত্ৰ ৰাখি জালত পেলায় নৱ কুমাৰ শৰণীয়াই।

এই মহাবিস্ফোৰিত অভিযোগ তুলিছে খোদ কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ উদ্যোগতে গঠিত হোৱা বিটিএডি আৰ্মীয়ে। এই ভয়ংকৰ তথ্য ফাদিল কৰিছে বিটিএডি আৰ্মীৰ স্বয়ম্ভু কামাণ্ডেণ্ট ধনঞ্জয় শৰণীয়াই ।

বিটিএডি আৰ্মীৰ পৰা ওলাই আহি আজি বিপিএফ দলত যোগদান কৰি বাথৌ কমপ্লেক্সত এক সংবাদমেল আয়োজন কৰি বিটিএডি আৰ্মীৰ স্বয়ম্ভু কামাণ্ডেণ্ট ধনঞ্জয় শৰণীয়াই কয় যে নৱ কুমাৰ শৰণীয়া আৰু ঘনশ্যাম দাসৰ নিৰ্দেশনাত যাদৱ দাসৰ ঘৰত বন্দুক থৈ গণ সুৰক্ষা পৰিষদ বিৰোধী যাদৱ দাসক জালত পেলোৱা হৈছিল ।

তেওঁ নিজে এই কাম কৰিছিল আৰু ভাৰতীয় সেনাৰ সহযোগত অস্ত্ৰ উদ্ধাৰ কৰি যাদৱ দাসক জালত পেলোৱা হৈছিল বুলি উল্লেখ কৰি বিটিএডি আৰ্মীৰ স্বয়ম্ভু কামাণ্ডেণ্ট ধনঞ্জয় শৰণীয়াই কয় যে মুলত তেওঁলোকৰ মুল লক্ষ্য বিপিএফ আছিল ।

বিটিচি বিধান পৰিষদৰ শালবাৰী , বাগানপাৰা , ককিলাবাৰী আৰু দিহিৰা সমষ্টি চাৰিটা তেওঁৰ দায়িত্বত আছিল আৰু তেওঁলোক আণ্ডাৰগ্ৰাউণ্ড হিচাপে কাম কৰিছিল বুলি উল্লেখ কৰি বিটিএডি আৰ্মীৰ স্বয়ম্ভু কামাণ্ডেণ্ট ধনঞ্জয় শৰণীয়াই বহুত অবৈধ অস্ত্ৰ তেওঁলোকৰ হাতত মজুত আছে বুলি দাবী কৰিছে ।

তেওঁৰ পূৰ্বৰ কামৰ বাবে বৰ্তমান অনুতপ্ত আৰু উক্ত পথ ত্যাগ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে ।

নৱ কুমাৰ শৰণীয়াই বহুতৰে সতে এনে কাৰ্য কৰিছে আৰু বহু পৰিকল্পনা আছে বুলি দাবী কৰি বিটিএডি আৰ্মীৰ স্বয়ম্ভু কামাণ্ডেণ্ট ধনঞ্জয় শৰণীয়াই যাদৱ দাসক জালত পেলোৱাৰ সময়ত বন্দুক ঘনশ্যাম দাসৰ ঘৰৰ পৰাই আনিছিল বুলি মন্তব্য কৰে ।

তেওঁ এই তথ্যবোৰ ফাদিল কৰাৰ বাবে যদি কিবা অঘটন সংঘটিত হয় তেনেহলে ইয়াৰ বাবে একমাত্ৰ জগৰীয়া সাংসদ নৱ কুমাৰ শৰণীয়াই হব বুলি সংবাদমেলত সদৰি কৰিছে ।

Photo Credit: @dhananjaynath