ভাৰত-বাংলাদেশ সীমান্তত প্ৰচণ্ড গুলীয়াগুলী; এজন BSF জোৱান শ্বহীদ, দুজন আহত

0
9889
ভাৰত-বাংলাদেশ সীমান্তত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ দুগৰাকী বি এছ এফ-ৰ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

উত্তৰ ত্ৰিপুৰাৰ কাঞ্চনপুৰ মহকুমাৰ ভাৰত-বাংলাদেশ সীমান্তত এন এল এফ টি (নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ ত্ৰিপুৰা)ৰ সন্দেহযুক্ত উগ্ৰপন্থীৰ সৈতে হোৱা তীব্ৰ সংঘৰ্ষত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ এগৰাকী জোৱান শ্বহীদ হয়।

শীৰ্ষ বিষয়াই জানিব দিয়া মতে, কাঞ্চনপুৰ মহকুমাৰ সীমা-দ্বিতীয় আউটপোষ্ট এলেকাত বি এছ এফৰ এটা দলে অভিযান চলাই থকাৰ সময়তে বাংলাদেশৰ ফালৰ পৰা গুলীচালনা আৰম্ভ হয়। এই আক্ৰমণত দুজন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষী অধীক্ষক কিৰণ কুমাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক জনোৱা মতে, বাংলাদেশৰ ৰঙামাটি পাহাৰ জিলাৰ জুপুই অঞ্চলৰ পৰা অস্ত্ৰধাৰী উগ্ৰপন্থীৰ এটা দলে বি এছ এফৰ জোৱানৰ ওপৰত গুলীচালনা কৰে।

বি এছ এফ জোৱানসকলেও প্ৰত্যুত্তৰত উগ্ৰপন্থীৰ দলটোলৈ লক্ষ্য কৰি গুলী চলায়। এনকাউণ্টাৰৰ সময়ত বি এছ এফৰ এজন জোৱানৰ শৰীৰত চাৰিটা গুলীয়ে আঘাত কৰে।

ঘটনাস্থলত উপস্থিত হোৱা কুমাৰে কয় যে এই ঘটনাৰ পাছতেই ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তা বৃদ্ধি কৰা হৈছে৷ অঞ্চলটোত অভিযানো তীব্ৰতৰ কৰি তোলা হৈছে। যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে বৰ্ডাৰ গাৰ্ড বাংলাদেশ (বিজিবি)ৰ সৈতেও আলোচনা কৰিব বুলি কয়।