নৃশংস হত্যাকাণ্ড! ধাৰলৈ নিয়া পইচা ঘুৰাই নিদিয়াৰ বাবেই মাজ ৰাস্তাতে দাৰে ঘপিয়াই হত্যা যুৱকক

0
1031

নৃশংস হত্যাকাণ্ড! ধাৰলৈ নিয়া পইচা ঘুৰাই নিদিয়াৰ বাবেই মাজ ৰাস্তাতে দাৰে ঘপিয়াই হত্যা যুৱকক

ধাৰলৈ নিয়া টকা ঘুৰাই নিদিয়াৰ বাবেই এজন যুৱকক ব্যস্ত ৰাজপথতে মৰিয়াই মৰিয়াই হত্যা কৰাৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে।

হত্যাকাণ্ডটোৰ সমগ্ৰ দৃশ্য ৰাস্তাৰ কাষতে থকা এখন দোকানৰ চিচিটিভিত বন্দি হৈছে। ঘটনাটো কৰ্ণাটকৰ কলবুৰ্গীত সংঘটিত হৈছে ।

জানিব পৰা মতে কলবুৰ্গীত বাস কৰা জমীৰ নীমৰ এজন যুৱকে তেওঁৰ চিনাকি সমীৰ নামৰ আন এজন যুৱকৰ পৰা ৯ হাজাৰ টকা ধাৰলৈ লৈছিলে।

কিছুদিন যোৱাৰ পিছত যেতিয়া সমীৰে পইচা খিনি বিচাৰে তেতিয়া জমীৰে পইচাখিনি দিবলৈ মান্তি হোৱা নাছিলে। জমীৰে বহু দিন ধৰি পইচা নিদিয়াত ইয়াকে লৈ দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়।

শনিবাৰে সন্ধিয়া জমীৰ জেবৰগী ৰোডে দি খোজ কাঢ়ি গৈ থাকোতে সমীৰে তেওঁৰ এজন বন্ধুৰ সৈতে জমীৰত আক্ৰমণ কৰে।

সমীৰে আক্ৰমণ কৰাৰ লগে লগে জমীৰে দৌৰিবলৈ ধৰে। সমীৰ আৰু তেওঁৰ বন্ধুজনে জমীৰক দৌৰাই দৌৰাই এটা ব্যস্ত ৰাস্তাৰ কাষতে পেলাই লৈ চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে। চোকা অস্ত্ৰৰে প্ৰহাৰ কৰাৰ ফলত ঘটনাস্থলীতে জমীৰৰ মৃত্যু হয়।

হত্যাকাণ্ডটো সংঘটিত কৰি দুয়োজন তাৰ পৰা পলাই যায় । হত্যাকাণ্ডটো হোৱাৰ সময়ত ৰাস্তাই দি বহু সংখ্যক লোক অহা যোৱা কৰি আছিলে।

পিছত খবৰ পাই আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। কিন্তু বৰ্তমান লৈকে এজনো অভিযুক্তক আৰক্ষীয়ে ধৰিবলৈ সক্ষম হোৱা নাই।