গোলাঘাটত নৃশংস হত্যাকাণ্ড! ফেঞ্চিঙৰ টাৰেৰে দুয়োখন হাত আৰু গামোচাৰে ডিঙিত বান্ধি চোকা অস্ত্ৰৰে মূৰত ঘাপ মাৰি হত্যা কৰে চাহ বাগিচাৰ চকীদাৰক…

0
7019
প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্যত নৃশংস হত্যাকাণ্ড! ফেঞ্চিঙৰ টাৰেৰে দুয়োখন হাত বান্ধি গামোচাৰে ডিঙিত বান্ধি চোকা অস্ত্ৰৰেও মূৰত ঘাপ মাৰি হত্যা কৰে চাহ বাগিচাৰ চকীদাৰক…

ৰাজ্যত সংঘটিত হৈছে এক ভয়ানক হত্যাকাণ্ডৰ ঘটনা। গোলাঘাটৰ দোলাষৰীয়া গাওঁত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডৰ ঘটনা। নিশা কোনো লোকে এখন ব্যক্তিগত চাহ বাগিচাৰ চকীদাৰক অতি নৃশংস ভাবে হত্যা কৰি পেলাই থৈ যায়।

ফেঞ্চিঙৰ টাৰেৰে দুয়োখন হাত বান্ধি থোৱাৰ লগতে ডিঙিত গামোচাৰে ডিঙিত বান্ধি চোকা অস্ত্ৰৰেও মূৰত ঘাপ মাৰি হত্যা কৰে ব্যক্তিজনক। মৃত লোক জনৰ নাম ভদীয়া কৰ্মকাৰ।

সূত্ৰ অনুসৰি, নিশা ভায়া ওৰাংৰ লগত চাহ বাগিচাৰ ভিতৰলৈ প্ৰৱেশ কৰিছিল আৰু তেওঁৱেই এই হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। উল্লেখ্য যে পুৱা ভায়া ওৰাং নামৰ লোক জনে চাহ বাগিচা খনৰ আন এজন চকিদাৰক তেওঁৰ নাম নকবলৈ ধমকি দিয়াৰ কথা প্ৰকাশ পায়।

INPUT: Rajib karmokar