বঙাইগাঁৱত নৃশংস হত্যাকাণ্ড ! ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিলে ভাতৃ-ভগ্নীক

0
197

বঙাইগাঁৱত নৃশংস হত্যাকাণ্ড ! ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিলে ভাতৃ-ভগ্নীক

বঙাইগাঁৱত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। জিলাখনৰ দুৰ্গামাৰী গাঁৱত বুধবাৰে নিশাৰ ভাগত অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰিলে দুই ভাতৃ-ভগ্নীক । নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই দুই ভাই-ভনীয়েকক চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰি ঘৰৰ চোতালত পেলাই থৈ যায় ।

মৃত ভাতৃ -ভগ্নী দুজন আজমল সেখ আৰু মেৰেজা ওৰফে ফিৰোজা বেগম বুলি চিনাক্ত কৰা হৈছে । উল্লেখ্য যে গাঁৱখনৰ একেটা পৰিয়ালৰ ১৪ বছৰীয়া ভায়েক আৰু ১৭ বছৰীয়া ভনীয়েক নিশা দুৰ্বৃত্তই হানি খুচি হত্যা কৰি ঘৰৰ চোতালত পেলাই থৈ যায়।ঘৰখনত ভাতৃ-ভগ্নী আৰু পিতৃ উপস্থিত আছিল।

জানিব পৰা মতে পিতৃ শাৰিৰীকভাৱে দুৰ্বল হোৱাৰ উপৰি মানসিকভাৱে অসুস্থ। মাতৃ গৰাকীয়ে এটা ইটা ভাটাত কাম কৰে। যাৰ বাবে নিশাও ইটা ভাটাত থাকিব লগা হয়। দুৰ্বৃত্তই কিয় আজমল আৰু ফিৰোজা বেগমক কিয় হত্যা কৰিলে সেয়া এতিয়া লৈও জানিব পৰা হোৱা নাই।

ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। নৃশংস হত্যাকাণ্ডটোক লৈ সমগ্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।