লোমহর্ষক হত্যাকাণ্ড, বোৱাৰীয়ে হাতুৰীৰে কোবাই হত্যা কৰিলে শাহুৱেকক। এইখন অসমতে সংঘটিত হৈছে এই হত্যাৰ ঘটনা।
বটদ্ৰৱাৰ জাজৰিত বোৱাৰীৰ হাতত প্ৰাণ গল শাহুৱেকৰ। এনে জঘন্য তথা লোমহৰ্ষক হত্যাৰ ঘটনা সংঘটিত হৈছে জাজৰিৰ মনিপুৰ গাঁৱত ।
পাৰিবাৰিক কন্দলৰ বাবেই বোৱাৰী চামচুল নেহাই হাতুৰীৰে কোবাই মূৰত আঘাত কৰি হত্যা কৰে শাহুৱেক চফিয়া খাতুনক ।
বৰ্তমান ঘৰখনত ঘাতক বোৱাৰী গৰাকীক আটক কৰি ৰাখিছে স্থানীয় ৰাইজে।
ইতিমধ্যে জাজৰিৰ আৰক্ষী প্ৰশাসন ঘটনাস্থলীত উপস্থিত হৈ ঘাতক বোৱাৰী চামচুল নেহাক জেৰা অব্যাহত ৰাখিছে ।
Input and Photo – Hemen Raja