33 C
Guwahati
Tuesday, September 27, 2022
More

    এক-দুই নহয় ৮২ কোটি টকাৰ ড্ৰাগছ জব্দ উত্তৰ পূবৰ এইখন ৰাজ্যত…

    এক-দুই নহয় ৮২ কোটি টকাৰ ড্ৰাগছ জব্দ উত্তৰ পূবৰ এইখন ৰাজ্যত…আৰক্ষীৰ বৃহৎ সফলতা। ড্ৰাগছ সৰবৰাহকাৰীৰ হাতৰ পৰা জব্দ কৰে বৃহৎ পৰিমানৰ ব্ৰাফন ছুগাৰ। লগতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এজন লোককো।

    উতত্ৰ পূবৰ অন্যতন ৰাজ্য মণিপুৰত জব্দ হৈছে এই ৮২ কোটি টকাৰ ড্ৰাগছ। সুৰক্ষা বাহিনীৰ এটা যুটীয়া দলে দেওবাৰে জব্দ কৰে ড্ৰাগছখিনি।

    যাৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় ৮২ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

    আৰক্ষীয়ে নিশা ইমেম বিবি নামৰ এগৰাকী মহিলাৰ ঘৰত তালাচী চলাইছিল। তাতেই য়ুমখাইবাম মুস্তাফা নামৰ এজন চোৰাং ব্যৱসায়ীৰ সৈতে ধৰা পৰে ব্ৰাউন ছুগাৰখিনি।

    আৰক্ষীয়ে মুঠ ৫৪.৬৮ কিলোগ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হৈছিল।

    বাতৰি অনুসৰি, ভাৰতীয় ৰিজাৰ্ভ বেটেলিয়ন (আইআৰবি), নাৰ্কোটিক্স এণ্ড এফেয়াৰ্ছ অৱ বৰ্ডাৰ (এনএবি) আৰু লিলং আৰক্ষীৰ এটা দলে যুটীয়াভাৱে এই অভিযান চলাইছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং