27 C
Guwahati
Friday, September 30, 2022
More

    ২২০ কিলো ওজন উঠাই মহা বিপদত যুৱক, ফাটি গ’ল শৰীৰৰ মাংস …

    ২২০ কিলো ওজন উঠাই মহা বিপদত যুৱক, ফাটি গ’ল শৰীৰৰ মাংস …

    এগৰাকী ২৩ বছৰীয়া যুৱকে শৰীৰ চৰ্চাৰ নামত নিজৰ শৰীৰৰ সৈতেই অত্যাচাৰ কৰাৰ দৰে হৈ পৰে। সম্ভৱতকৈ অধিক কৰিবলৈ গৈ মহা বিপদ মাতি আনে নিজলৈ বুলি।

    ২২০ কেজি ওজন উঠাবলৈ গৈ বিপদত ব্ৰিটিছ বডিবিল্ডাৰ ৰয়ান ক্ৰৌলি (Ryan Crowley)। যিয়ে মাত্ৰ ১৬ বছৰ বয়সৰ পৰাই বডি বিল্ডিঙৰ কামত নিয়োজিত হৈ পৰিছিল।

    শৰীৰটোক সুঠাম কৰিবৰ বাবে যিমান সম্ভৱ সিমান পৰ্যায়লৈ কৰিবলৈ চেষ্টা কৰিছিল ৰয়ানে। পাছে ২০২১ত এক অঘটন সংঘটিত হয়। জিমত ব্যায়ম কৰি থকাৰ সময়তে ২২০ কেজি ওজন উঠাবলৈ চেষ্টা কৰে ৰয়ানে।

    পাছে সেই ওজন উঠাবলৈ চেষ্টা কৰাৰ সময়তে সোঁ হাতৰ কান্ধৰ কাষৰ বুকুৰ হাড় ভাঙি মাংশ পেশী ফাটি ওলাই পৰে। সেই সমগ্ৰ দৃশ্য কোনোৱে ভিডিঅ কৰি আছিল। সেই ভিডিঅ সামাজিক মাধ্যমত আপলোড কৰাৰ লগে লগেই ভাইৰেল হৈ পৰে।

    এটা বছৰৰ অন্তত সকলো চিকিৎসাৰ অন্তত এতিয়া সুস্থ ৰয়ানে। সদ্যহতে নিজৰ সুস্থতাৰ খবৰ অনুৰাগী সকলক দিয়ে ৰয়ানে। লগতে ২২০ৰ সলনি মাত্ৰ ৩০ কেজি ওজন উঠাই থকাৰ বিষয়েও সদৰি কৰে ৰয়ান ক্ৰৌলিয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং